অসম

assam

By

Published : Apr 5, 2022, 7:20 PM IST

ETV Bharat / state

জিলা উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা সন্মিলনত মন্ত্রী পৰিমল শুক্লবৈদ্য, ৰঞ্জিত কুমাৰ দাস, কেশৱ মহন্ত আৰু সঞ্জয় কিষানৰ অংশগ্ৰহণ । জল জীৱন মিছন, কৃষকৰ পৰা ধান ক্ৰয়ৰ অগ্ৰগতি, জিলা আন্তঃগাঠনি প্ৰকল্প, মিছন বসুন্ধৰা, ৰাজহ ভূমি অধিগ্ৰহণ আৰু বান প্ৰতিৰোধৰ ব্যৱস্থাপনা, প্ৰধানমন্ত্রী আৱাস যোজনা আদি বিষয়ত বিশদ আলোচনা ।

cm conference with dc
জিলা উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী,৫ এপ্ৰিল: ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত মঙলবাৰে ৰাজ্যৰ জিলা উপায়ুক্ত সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (Chief Minister important meeting with all DCs of Assam) । দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা জিলা উপায়ুক্তসকলৰ এই সন্মিলনত ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় ।

গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই সন্মিলনত অংশ গ্ৰহণ কৰে মন্ত্রী পৰিমল শুক্লবৈদ্য, ৰঞ্জিত কুমাৰ দাস, কেশৱ মহন্ত আৰু সঞ্জয় কিষানে । সন্মিলনৰ আৰম্ভনীতে আদৰণী ভাষণত মুখ্য সচিব জিষ্ণু বৰুৱাই সন্মিলনখনৰ বিভিন্ন দিশ সম্পৰ্কে উল্লেখ কৰে ।

মঙলবাৰে ৰাজ্যৰ জিলা উপায়ুক্ত সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

লগতে ৰাজ্য চৰকাৰৰ অব্যাহত থকা বিভিন্ন আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্রত উপায়ুক্তসকলৰ ভূমিকা সম্পৰ্কে সদৰি কৰে । সন্মিলনত জল জীৱন মিছন, কৃষকৰ পৰা ধান ক্ৰয়ৰ অগ্ৰগতি, জিলা আন্তঃগাঠনি প্ৰকল্প, মিছন বসুন্ধৰা, ৰাজহ ভূমি অধিগ্ৰহণ আৰু বান প্ৰতিৰোধৰ ব্যৱস্থাপনা, প্ৰধানমন্ত্রী আৱাস যোজনা, চাহ বাগিচা এলেকাৰ বিদ্যালয় ব্যৱস্থাপনা, জাতিগত প্ৰমান পত্র বিদ্যালয়ত দিয়াৰ ব্যৱস্থা আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত বিশদভাৱে আলোচনা কৰা হয় ।

দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা জিলা উপায়ুক্তসকলৰ এই সন্মিলনত ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়

উল্লেখ যে মে’ মাহত তেজপুৰত অনুষ্ঠিত হ'বলগীয়া ‘উপায়ুক্ত সন্মিলন’ৰ এক প্ৰস্তুতি সভা হিচাপে আজি ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্রী । মুখ্যমন্ত্রীয়ে উপায়ুক্তসকলক জিলা প্ৰশাসনত প্ৰশাসন প্ৰণালীৰ আধাৰ হিচাপে জনসাধাৰণৰ লাভালাভ আৰু সুবিধাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।

জিলা প্ৰশাসন আৰু জনসাধাৰণৰ মাজত এক 'আৱেগিক সংযোগ' সৃষ্টি কৰি নিজ নিজ জিলাত ‘জিলা দিৱস’ উদযাপন কৰিবলৈও নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্রীগৰাকীয়ে । জনসাধাৰণৰ সমস্যাসমূহ হৃদয়ংগম কৰাৰ অৰ্থে আৰু লগতে চিকিৎসালয় আৰু বিদ্যালয়সমূহত চিকিৎসক আৰু শিক্ষকৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰিবলৈ এক বিস্তৃত ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰোঁ মুখ্যমন্ত্রীয়ে । সন্মিলনখনত জিলা উপায়ুক্ত সকলৰ উপৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশ গ্ৰহণ কৰে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতেও আলোচনাত মিলিত হৈছিল। তাৰ পূৰ্বে ৰাজ্যৰ প্ৰতিখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ।

লগতে পঢ়ক:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details