গুৱাহাটী, ৩০ আগষ্ট:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মালিগাঁৱৰ নীলাচল উৰণ সেতুখন বুধবাৰে মুকলি কৰি গুৱাহাটীৰ উন্নয়নৰ বহুকেইটা আঁচনিৰ কথা ঘোষণা কৰে । মুখ্যমন্ত্ৰীয়ে জনায় যে ধাৰাপুৰত এখন উৰণ সেতু হ'ব । দীপৰ বিলৰ কাষত এটা বৃহৎ ৰ'টাৰী নিৰ্মাণ হ'ব । ভৰলুমুখত ৰে’ল ক্ৰছিংৰ ওপৰত এখন উৰণ সেতু নিৰ্মাণ কৰা হ'ব ।
জি এছ ৰোডত দুখন উৰণ সেতু নিৰ্মাণ হ'ব । এখন ৰাজীৱভৱনৰ কাষত আৰু আনখন ডাউন টাউন হাস্পতালৰ কাষত । ফটাশিল আমবাৰীৰ কে চি দাস নাৰ্চিং হোমৰ পৰা গড়ভাঙ্গা ৰোডলৈ এখন উৰণ সেতু নিৰ্মাণ হ'ব । ৰিজাৰ্ভ বেংকৰ পৰা বামুনীমৈদামলৈ ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নিৰ্মাণ কৰা হ'ব । জানুৱাৰীৰ পৰা উৰণ সেতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব।
ইপিনে জু ৰোডৰ শ্ৰদ্ধাঞ্জলি সেতু দুৰ্গা পূজাত মুকলি কৰা হ'ব । দুৰ্গা পূজাৰ সময়ত ফাঁচীবজাৰৰ উদ্ভিদ উদ্যান আৰু ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ কৰা উদ্যানখন মুকলি কৰা হ'ব । কামাখ্যা মন্দিৰত কৰিডৰ নিৰ্মাণ হ’ব। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যালৈ ৰ’পৱে নিৰ্মাণ কৰা হ'ব ।