অসম

assam

ETV Bharat / state

'মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনি'ৰ শুভাৰম্ভ - মুৰব্বীজন

ক'ভিডৰ বাবে অনাথ তথা নিৰাশ্ৰয় হৈ পৰা শিশুৰ বাবে অসম চৰকাৰৰ 'মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনি' ৷ ক'ভিডত পিতৃ-মাতৃ নাইবা ঘৰৰ উপাৰ্জনকাৰী মুৰব্বীজনৰ মৃত্যু হোৱা পৰিয়ালৰ শিশুৱে মাহে লাভ কৰিব ৩,৫০০ টকা ৷

'মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনি' ৰ শুভাৰাম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
'মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনি' ৰ শুভাৰাম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

By

Published : May 29, 2021, 9:45 PM IST

গুৱাহাটী,২৯ মে': মহামাৰী ক'ভিড-১৯ ৰ বাবে পিতৃ-মাতৃ নাইবা ঘৰৰ উপাৰ্জনকাৰী মুৰব্বীজনক হেৰুৱাবলগীয়া হোৱা শিশু আৰু কিশোৰ-কিশোৰীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আৰম্ভ কৰিছে 'মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনি' নামৰ এখন কল্যানমূলক আঁচনি । কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষ্যে দেওবাৰে এই আঁচনিখন মুকলি কৰা হ'ব ৷ শনিবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

'মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনি' খনৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, "এই আঁচনিখনৰ যোগেদি ক'ভিডত পিতৃ-মাতৃ নাইবা ঘৰৰ উপাৰ্জনকাৰী মুৰব্বীজনৰ মৃত্যু হোৱা পৰিয়ালৰ শিশুৱে মাহে ৩,৫০০ টকাকৈ লাভ কৰিব ৷ শিশুটিয়ে শৈক্ষিক জীৱন সম্পূৰ্ণ কৰি কৰ্মত নিয়োজিত নোহোৱালৈকে এই বৃত্তি পাই থাকিব ।"

এই আঁচনিৰ জৰিয়তে চৰকাৰে ১০ বছৰ বয়সৰ তলৰ শিশুসকলৰ যিসকলক চাবলৈ পৰিয়ালৰ কোনো সদস্য নাই তেনে নিৰাশ্ৰয় তথা অনাথ শিশুৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে লৈ আৱাসিক বিদ্যালয়ত ৰাখি পঢ়া-শুনাৰ সমস্ত খৰচ বহন কৰিব । একেদৰে ক'ভিডৰ বাবে অভিভাৱকক হেৰুওৱা, বিবাহৰ উপযুক্ত যুৱতীৰ ক্ষেত্রত অৰুন্ধতী আঁচনিৰ এক তোলা সোণৰ উপৰিও ৫০ হাজাৰ টকাৰ এককালীন সাহায্য দিয়া হ'ব । তদুপৰি অনাথ তথা নিৰাশ্ৰয় হোৱা প্ৰতিগৰাকী শিশু তথা কিশোৰ-কিশোৰীক অধ্যয়নৰ সুবিধাৰ বাবে একোটিকৈ কম্পিউটাৰ নাইবা লেপটপ দিয়া হ'ব ৷

সকলোকে দক্ষতা বিকাশৰ বাবে কাৰিকৰী শিক্ষা প্ৰদান কৰা হ'ব বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে লগতে এইকথাও জানিবলৈ দিয়ে যে, এই আঁচনিখনৰ দায়িত্বত সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগ থাকিব যদিও কাৰ্যকৰীকৰণৰ দিশটো চোৱা-চিতা কৰিব শিশু অধিকাৰ আয়োগে ৷

লগতে পঢ়ক: ১৮ মাহতে বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details