গুৱাহাটী, 28 নৱেম্বৰ : নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাইক্ৰ’ফাইনেঞ্চৰ পৰা লোৱা মহিলাৰ অনাদায় ধন আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে (Assam Government on Micro finance loan) ৷ ইতিমধ্যে মাইক্ৰ'ফাইনাঞ্চ কোম্পানী সমূহৰ ওচৰত ঋণী হৈ থকা অসমৰ প্ৰায় 12 লাখ মহিলাক(Microfinance Loan Waiver) চৰকাৰে সকাহ দিয়াৰ পৰ্ব আৰম্ভ হৈছে । এই পৰ্বৰ আৰম্ভণিৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ আঠখন জিলাক এই অভিযানত সামৰি লোৱা হৈছে ।
এই জিলা সমূহ হ'ল শোণিতপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাট, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ আৰু গোলাঘাট । শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত শনিবাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই কয় যে প্ৰথম পৰ্যায়ত এই আঠোখন জিলাৰ যিসকলে নিয়মীয়াকৈ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰি আছে সেইসকল মহিলাকহে চৰকাৰে সৰ্বাধিক 25 হাজাৰকৈ টকাৰ চেক প্ৰদান কৰিব ৷
শিৱসাগৰত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে 25 হাজাৰ টকাৰ এই দুয়োটা পৰ্যায়তে চৰকাৰৰ ব্যয় হব প্ৰায় সাত হাজাৰ কোটি টকা । এয়া অসমৰ মাতৃ সমাজৰ বাবে চৰকাৰৰ এক উপহাৰ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ এই অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, পীযুষ হাজৰিকা আৰু অশোক সিংঘালো উপস্থিত থাকে ৷ উল্লেখ্য যে, শোণিতপুৰ, ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাতো চৰকাৰে দেওবাৰে চেক বিতৰণ কৰে (Cheque to micro finance loan borrower ) ।
ডিমা হাচাওৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হ'বলগীয়া এই চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, বিধায়িকা নন্দিতা গাৰ্লোচা, ডিমা হাচাও স্বায়ত্ব পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাচা আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা । আনহাতে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অৱস্থিত কছাৰীবস্তি সভাক্ষত কাইলৈ চেক বিতৰণ কৰিব মন্ত্ৰী যোগেন মহনে ৷ লগতে 30 নৱেম্বৰত চৰাইদেউ জিলাৰ চৰাইদেউ ৰাজহুৱা খেলপথাৰত চেক বিতৰণ কৰিব মন্ত্ৰী যোগেন মহন আৰু বিমল বৰাই ৷
লগতে পঢ়ক :ঋণ মঞ্জুৰ নোহোৱাৰ বাবে BAJAJ ফাইনেন্সৰ বিষয়াক হত্যাৰ চেষ্টা