গুৱাহাটী, ৪ অক্টোবৰ :ৰাজ্যত এতিয়া উপ-নিৰ্বাচনৰ বতাহ তুংগত । শাসকীয় বিজেপিৰ দাবী উপ-নিৰ্বাচনত আটাইকেইখন আসনেই তেওঁলোকে লাভ কৰিব । উপ-নিৰ্বাচনৰ এনে খদমদমৰ মাজতে কাইলৈ অৰ্থাৎ মঙলবাৰে সম্পূৰ্ণ ব্যক্তিগত সূচীৰে তীৰ্থনগৰী হৰিদ্বাৰলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
সোনবাৰে দিনটো বিভিন্ন চৰকাৰী কাৰ্যসূচী লৈ শদিয়াত ব্যস্ত থকা মুখ্যমন্ত্ৰী ড৹ শৰ্মা কাইলৈ পুৱাতেই গুৱাহাটীৰ পৰা হৰিদ্বাৰ অভিমুখে ৰাওনা হ’ব । তীৰ্থনগৰী হৰিদ্বাৰত কালিলৈ এক ধৰ্মীয় কাৰ্যসূচীত ভাগ ল'ব মুখ্যমন্ত্ৰীয়ে ।