গুৱাহাটী, ৫ জুন :গুৱাহাটী পৌৰ নিগম (GMC)ৰ আৱৰ্জনা নিষ্কাশনৰ প্ৰক্ৰিয়া অধিক উন্নীতকৰণ কৰাৰ লক্ষ্যৰে শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বেলতলাত জি এম চি ৱাৰ্ডসমূহত আৱৰ্জনা সংগ্ৰহৰ সৈতে জড়িত বেচৰকাৰী সংগঠনসমূহৰ মাজত ১২ খন আৱৰ্জনা নিষ্কাশনৰ বাহন (Auto Tippers) বিতৰণ কৰে ।
আৱৰ্জনা নিষ্কাশনৰ বাহন (Auto Tippers) বিতৰণ মুখ্যমন্ত্রীৰ - কৃত্ৰিম বান নিয়ন্ত্ৰণ
গুৱাহাটীৰ আৱৰ্জনা সংগ্ৰহৰ সৈতে জড়িত বেচৰকাৰী সংগঠনসমূহৰ মাজত ১২ খন আৱৰ্জনা নিষ্কাশনৰ বাহন (Auto Tippers) বিতৰণ । এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত প্ৰথম পৰ্যায়ত ১০০ খন বাহন বিতৰণ কৰা হ’ব মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷
এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম পৰ্যায়ত ১০০ খন বাহন বিতৰণ কৰা হ’ব বুলি উল্লেখ কৰি এই বাহনসমূহ গুৱাহাটীখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলাত যথেষ্ট সহায়ক হ’ব বুলি মত প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীয়ে লগতে কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে । অনুষ্ঠানত গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালকে প্ৰমুখ্য কৰি বিভাগীয় জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ।
লগতে পঢ়ক :কাগজ কল নিলাম সন্দৰ্ভত চৰকাৰক তীব্র সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ