অসম

assam

By

Published : Oct 31, 2022, 12:25 PM IST

ETV Bharat / state

Chief Minister participates in Chhath Puja: পাণ্ডুঘাটৰ ষঠ পূজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

দুৰ্গোৎসৱ আৰু দিপাৱলীৰ অন্তত সমগ্ৰ দেশতে বিশেষকৈ উত্তৰ ভাৰতত পালন কৰা হৈছে ষঠ পূজা । সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উলহ-মালহেৰে পালন কৰা হৈছে ষঠ পূজা(Chhath Puja celebrate in Guwahati) । মহানগৰীৰ পাণ্ডুঘাটত অনুষ্ঠিত ষঠ পূজাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister participates in Chhath Puja) ।

Chief Minister participates in Chhath Puja
পাণ্ডুঘাটৰ ষঠ পূজাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ৩১ অক্টোবৰ: সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো দেওবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ষঠ পূজা উদযাপন কৰা হৈছে । মহানগৰীৰ পাণ্ডুঘাটৰ ষঠ পূজাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister participates in Chhath Puja) । সোমবাৰে পুৱা পাণ্ডুঘাটত উপস্থিত হৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত ষঠ পূজাৰ আধ্যাত্মিক পৰিবেশৰ মাজত ভক্তগণৰ সৈতে কিছু সময় অতিবাহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister celebrat Chhath Puja) ।

তেখেতে সংবাদ মাধ্যমৰ জড়িয়তে ষঠ পূজা উপলক্ষ্যে ৰাজ্যবাসীৰ লগতে সমগ্ৰ দেশবাসীক অভিনন্দন জনায়(Chief Minister greets Chhath Puja) । ইমান সুন্দৰকৈ পূজা পালন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ষঠ পূজাৰ আয়োজন কৰা হৈছে(Chhath Puja celebrate in Guwahati) । পাণ্ডুঘাট, কাছমাৰী ঘাট, চূনশালি, বশিষ্ঠ ঘাটৰ লগতে বহুসংখ্যক ভক্তই নিজ নিজ স্থানত ঘাট বনাই সূৰ্য দেৱতাক পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় ।

পাণ্ডুঘাটৰ ষঠ পূজাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে ধৰ্মীয় পৰম্পৰা অনুসৰি দেওবাৰে সন্ধিয়াৰ ভাগত আৰু সোমবাৰে পুৱাৰ ভাগত সূৰ্য্য দেৱতাক পূজা কৰে । পূজাস্থলীত প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজে মনৰ ইচ্ছা পূৰণৰ বাবে সৰ্বশক্তিমান সূৰ্য দেৱতাক পূজা অৰ্চনা কৰে । এবুকু পানীত নামি সন্ধিয়া সূৰ্য অস্ত যোৱালৈ আৰু পুৱা সূৰ্য উদয় হোৱালৈ পূজা কৰে ভক্তপ্ৰাণ ৰাইজে ।

উল্লেখ্য যে, ষঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ(Chhath puja 2022) । ষঠ পূজা ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ । প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষঠ পূজা অনুষ্ঠিত কৰা হয় । উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ষঠ ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়(Chhath puja date timing and puja significance)।

লগতে পঢ়ক:Run for unity : বৰপেটাত পালন ৰাষ্ট্ৰীয় একতা দিৱস

ABOUT THE AUTHOR

...view details