গুৱাহাটী, ৭ অক্টোবৰ :ৰাজ্যৰ পাঁচটা সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই । গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা সংবাদমেলখনত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উপ-নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন আয়োগে জাৰি কৰা ক'ভিড গাইডলাইনৰ বিষয়ে উল্লেখ কৰে ।
তেওঁ কয়, ৩০ অক্টোবৰত অসমৰ থাওৰা, ভৱানীপুৰ, তামুলপুৰ, গোসাইগাঁও আৰু মৰিয়নি সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোট গ্ৰহণ । ভোট গ্ৰহণৰ সময়ত সকলোৱে ক'ভিড-১৯ ৰ বিধি সম্পূৰ্ণ ৰূপে মানি চলিব লাগিব । তেওঁ লগতে কয় যে, মনোনয়ন দাখিলৰ সময়ত সমদল নাইবা ৰাজহুৱা সভা কৰিব নোৱাৰিব ।
মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীসহ তিনিজন লোক থাকিব পাৰিব । প্ৰচাৰ অভিযান সন্দৰ্ভত তেওঁ কয় যে, ভৱন বা তেনেধনৰণ বন্ধ স্থানত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত মুঠ আসনৰ বিপৰীতে ৩০ শতাংশ লোক উপস্থিত থাকিব পাৰিব । সেইদৰে মুকলি স্থানৰ প্ৰচাৰ সভাত ৫০ শতাংশৰ নাইবা ৫০০ৰ বেছি লোক হ'ব নোৱাৰিব । ষ্টাৰ কেম্পেইনাৰৰ ক্ষেত্ৰত হাজাৰৰ বেছি লোক হ'ব নোৱাৰিব । মাস্ক পৰিধান কৰা আৰু শাৰীৰিক ব্যৱধান মানি চলাটো বাধ্যতামূলক ।
আনহাতে ৰোড শ্ব', বাহন ৰেলী, বাইক ৰেলী আৰু চাইকেল ৰেলী সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে । ঘৰে ঘৰে চলোৱা প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত ৫ জনৰ বেছি লোক হ'ব নোৱাৰিব । ভোট গ্ৰহণৰ ৭২ ঘণ্টাৰ পূৰ্বে প্ৰচাৰ কাৰ্য সামৰিব লাগিব । সেইদৰে ভোটাৰে ভোট গ্ৰহণ কেন্দ্ৰলৈ মাস্ক পৰিধান কৰি আহিব লাগিব । সামাজিক ব্যৱধান মানি চলি ভোটদান কৰিব লাগিব ।