অসম

assam

ETV Bharat / state

৮৫ শতাংশৰো বেছি ভোটদানৰ লক্ষ্যৰে মুখ্য নিৰ্বাচনী বিষয়াৰ সজাগতামূলক অভিযান - মুখ্য নিৰ্বাচনী বিষয়াৰ সজাগতামূলক অভিযান

২০১৬ৰ নিৰ্বাচনত ৮৫ শতাংশ ভোটদান হৈছিল,এইবাৰ আৰু অধিক ভোটদানৰ লক্ষ্য মুখ্য নিৰ্বাচনী বিষয়াৰ। ৰাজ্যৰ চাৰিগৰাকী আইকন লৈ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত 'sweep' অভিযানৰ জৰিয়তে আৰম্ভ কৰিছে সজাগতামূলক বিশেষ অভিযান ।

৮৫ শতাংশৰো বেছি ভোটদানৰ লক্ষ্যৰে মুখ্য নিৰ্বাচনী বিষয়াৰ সজাগতামূলক অভিযান
৮৫ শতাংশৰো বেছি ভোটদানৰ লক্ষ্যৰে মুখ্য নিৰ্বাচনী বিষয়াৰ সজাগতামূলক অভিযান

By

Published : Mar 5, 2021, 11:01 PM IST

গুৱাহাটী,৫ মাৰ্চ: ভোটদানৰ হাৰ বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে আৰম্ভ কৰিছে সজাগতামূলক বিশেষ অভিযান । ইয়াৰ বাবে ৰাজ্যৰ চাৰিগৰাকী ভিন্ন দিশৰ বিশিষ্ট লোকক আইকন হিচাপে লৈ 'sweep' অভিযান আৰম্ভ কৰিছে নিৰ্বাচনী বিষয়াই। শুকুৰবাৰে দিছপুৰত আয়োজন কৰা এখন সংবাদমেলত এই অভিযানৰ বিষয়ে সদৰি কৰে মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই ।

৮৫ শতাংশৰো বেছি ভোটদানৰ লক্ষ্যৰে মুখ্য নিৰ্বাচনী বিষয়াৰ সজাগতামূলক অভিযান

এই অভিযানত আইকন হিচাপে আছে ক্ৰিকেটাৰ ৰিয়ান প্ৰয়াগ, অভিনেতা কপিল বৰা, কণ্ঠশিল্পী অনিন্দিতা পাল আৰু পেৰা চাইকেলিষ্ট ৰাকেশ বনিক। ইতিমধ্যে ভোটাৰ ৰাইজক নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে সজাগ কৰাৰ উদ্দেশ্যে থিম ছং মুকলি কৰাৰ উপৰিও ৰাজ্যজুৰি বাটৰ নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

সংবাদমেলত প্ৰচাৰ অভিযানত থকা চাৰিগৰাকী আইকনে ভোটাৰ ৰাইজক নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান জনায়। উল্লেখ্য যে, ক্ৰিকেটাৰ ৰিয়ান পৰাগে এইবাৰ প্ৰথমবাৰৰ বাবে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে।

লগতে পঢ়ক:ৰূপহীহাটৰ জুৰীয়াত কংগ্ৰেছ দলৰ ডিজিটেল প্ৰচাৰ অভিযান

ABOUT THE AUTHOR

...view details