গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ নিৰ্বাচনত অতিৰিক্তভাৱে অসমত স্থাপন কৰা হব ৫,৩২৫টা ভোটগ্ৰহণ কেন্দ্ৰ । শনিবাৰে বিয়লি দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই কথা প্ৰকাশ কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেয়ে । তেওঁ কয়, 1 হেজাৰতকৈ অধিক ভোটদাতা থকা কেন্দ্ৰসমূহৰ সমীপৰত অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব ।
সৰ্বমুঠ ৩৩,৫৩০ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । ইতিমধ্যে ভোটগ্ৰহণৰ প্ৰক্ৰিয়াটো সুচাৰুভাৱে পৰিচালনা কৰিবলৈ ২,৪১,০০ গৰাকী নিৰ্বাচনী বিষয়াক প্ৰশিক্ষণ দি থকা হৈছে । ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিজন ভোটদাতাক ভোটদান কক্ষত প্ৰবেশ কৰাৰ সময়ত দিয়া হ’ব ডিচপ'জেবল গ্ল'ভছ । সেই একেদৰে ক'ভিড আক্ৰান্ত লোক, ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ লোক আৰু দিব্যাংগ ভোটাৰৰ বাবে ব্যৱস্থা কৰা হৈছে পোষ্টেল বেলটৰ । ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেয়ে কয় ৷
উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত অসমত সৰ্বমুঠ ২,৩১,৮৬,৩৬২ গৰাকী ভোটদাতাই তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব । ইয়াৰে ১,১৭,৪২,৬৬১ গৰাকী পুৰুষ আৰু ১,১৪,৪৩,২৫৯ গৰাকী হৈছে মহিলা ভোটাৰ । তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৪৪২ গৰাকী । একেদৰে "ডি" ভোটাৰৰ সংখ্যা হৈছে ১,০৮,৫৯৬ গৰাকী ।