অসম

assam

ETV Bharat / state

ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’লে মুখ্য নিৰ্বাচন আয়ুক্তই - গুৱাহাটীত মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা

গুৱাহাটীত উপস্থিত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা ৷ অসমৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ সোমবাৰে সন্ধিয়া বৈঠকত মিলিত অৰোৰা ৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেৰ সৈতে মুখ্য নিৰ্বাচন আয়ুক্তসহ নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটো বৈঠকত মিলিত ৷ 20 জানুৱাৰীত গুৱাহাটীত সংবাদমেল সম্বোধন কৰাৰ পাছত দিল্লীলৈ উভতি যাব আয়োগৰ দলটো ৷

chief election commissioner meets for discussion at guwahati
chief election commissioner meets for discussion at guwahati

By

Published : Jan 18, 2021, 10:14 PM IST

গুৱাহাটী, 18 জানুৱাৰী: অসমৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ গুৱাহাটীত আহি উপস্থিত হোৱা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰা সোমবাৰে সন্ধিয়া এক বৈঠকত মিলিত হয় ৷ গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত এই বৈঠক অনুষ্ঠিত হয় । অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেৰ সৈতে মুখ্য নিৰ্বাচন আয়ুক্তসহ নিৰ্বাচন আয়োগৰ প্ৰতিনিধি দলটো উক্ত বৈঠকত মিলিত হয় ৷

সোমবাৰে সন্ধিয়া অৰোৰা বৈঠকত মিলিত হয়

মুখ্য নিৰ্বাচন আয়ুক্তৰ উপৰিও সোমবাৰৰ এই বৈঠকত দেশৰ নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ আৰু ৰাজীৱ কুমাৰে অংশ লয় ৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেৰ লগতে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতেও আলোচনাত মিলিত হৈ প্ৰতিনিধি দলটোৱে নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয় ।

মঙলবাৰে মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত অহা দলটোৱে ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, সকলো জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আদিৰ সৈতে আলোচনাত মিলিত হৈ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’ব । উল্লেখ্য যে 20 জানুৱাৰীত গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰাৰ পাছত আয়োগৰ দলটো দিল্লীলৈ উভতি যাব ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণ সুচল হ’বলৈ নিদিয়ে আছুৱে !

ABOUT THE AUTHOR

...view details