ছয়গাঁও, ১ আগষ্ট : ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰ খনৰ উন্নয়নৰ নমুনা পুনৰবাৰ পোহৰলৈ আহিছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিত । সমষ্টিটোৰ আমতলা জিয়াকুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত জীয়াকুৰ-জেজাৰবৰীকে ধৰি প্ৰায় ৬০ খন গাঁৱক সংলগ্ন কৰা কলহী নদীৰ ওপৰত থকা বাঁহৰ দলংখনে বছৰ বছৰ ধৰি জীয়াতু ভোগাই আহিছে স্থানীয় ৰাইজক । সময়ে সময়ে স্থানীয় ৰাইজে নানা প্ৰতিবাদ,বিধায়কৰ ওচৰত তাঁত-বাতি কৰিও সুফল নোপোৱাত অৱশেষত নাঁৱত দিহানাম গাই, দলঙৰ ওপৰত গীতাপাঠ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । কণ কণ স্কুলীয়া শিক্ষাৰ্থীৰ পৰা আবাল বৃদ্ধ বণিতা সকলো ওলাই আহি এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ।
পকী দলং বিচাৰি ছয়গাঁৱত প্ৰতিবাদ - প্ৰণৱ কলিতা
এখন পকী দলং বিচাৰি ৰাইজৰ অভিনৱ প্ৰতিবাদ ৷ দক্ষিণ কামৰূপৰ জেজাৰবৰি আৰু জিয়াকুৰকে ধৰি কেইবাখনো গাঁৱৰ আয়তী সকলে নাঁৱত উঠি নাম গাই, ভকতে বাঁহৰ দলঙৰ ওপৰত গীতা পঢ়ি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
![পকী দলং বিচাৰি ছয়গাঁৱত প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4009877-thumbnail-3x2-o.jpg)
পকী দলং বিচাৰি ছয়গাঁৱত প্ৰতিবাদ
পকী দলং বিচাৰি ছয়গাঁৱত প্ৰতিবাদ
উল্লেখযোগ্য যে ৰাইজৰ গাঁঠিৰ ধনেৰে প্ৰতিবাৰেই দলংখন নিৰ্মাণ কৰে যদিও বানে আকৌ উটুৱাই লৈ যায়। ফলত দুৰ্বিসহ যাতায়ত কৰিব লগীয়া হৈছে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে এই দলংখন নিৰ্মাণ নকৰাৰ বাবেই দলঙৰ পৰা পৰি ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হৈছে । আনহাতে বৰ্তমানৰ বিধায়ক তথা পূৰ্বেও দুবাৰকৈ বিধায়ক হোৱা প্ৰণৱ কলিতায়ো এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷