অসম

assam

ETV Bharat / state

ষট পূজাৰ ঘাট পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ - CHHATH PUJA

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে পূজাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ।

CHHATH PUJA PREPARATION IN GUWAHATI
শুক্লেশ্বৰ ঘাটৰ ষট পূজাৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

By

Published : Nov 20, 2020, 10:42 PM IST

গুৱাহাটী, 20 নৱেম্বৰ:দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো শুকুৰবাৰে পালন কৰা হয় ষট পূজা । জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি এইবাৰ ব্ৰহ্মপুত্ৰৰ ১৪ টাকৈ ঘাটত অনুষ্ঠিত হৈছে ষট পূজাৰ কাৰ্যসূচী । গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটতো অনুষ্ঠিত কৰা হয় ষট পূজা । আজি পূজাৰ অনুষ্ঠিত ঘাটসমূহ পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে পূজাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । ক'ভিড প্ৰটকল মানি ভক্তপ্ৰাণ ৰাইজক পূজাৰ ৰীতি-নীতি পালন কৰিবলৈ আহ্বান জনাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । ইফালে ষট পূজাৰ এই কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপৰিও কণ্ঠশিল্পী তথা ন অগপ নেত্ৰী কল্পনা পাটোৱাৰী,অগপ নেতা মনোজ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাজনো নেতা উপস্থিত থাকে ।

উল্লেখ্য যে,আজি বিয়লিৰ পৰা সূৰ্যাস্তৰ পূৰ্বে সূৰ্য দেৱতাক পূজা অৰ্চনা কৰিছে অগণন ভক্তই । পৰম্পৰা অনুযায়ী শনিবাৰে পুৱতি নিশাৰ পৰাই সূৰ্য উদয় হোৱা লৈকে হাতত চাকি,ধূপ,প্ৰসাদ আদি লৈ ব্ৰহ্মপুত্ৰৰ পানীত নামি পূজা অৰ্চনাৰে সূৰ্যদেৱতাক প্ৰণাম জনাব ভক্তসকলে । এনেদৰে পূজা-অৰ্চনা কৰিলে সকলোৰে মনৰ আশা পূৰণ হয় বুলি অতীজৰে পৰা লোকবিশ্বাস চলি আহিছে ।

লগতে পঢ়ক: প্ৰফুল্ল বৰাৰ ১৪ সংখ্যক 'স্মৃতি দিৱস' পালন সাহিত্য সভাৰ

ABOUT THE AUTHOR

...view details