গুৱাহাটী, 20 নৱেম্বৰ: দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে গুৱাহাটী মহানগৰীটো ষট পূজাৰ আয়োজন কৰা হয় । গুৱাহাটী ষট পূজা সমিতিৰ উদ্যোগত পূৰ্বৰ দৰে এইবাৰো ভৰলুমুখৰ ব্ৰহ্মপুত্ৰ ঘাটত দুদিনীয়কৈ ষট পূজা আয়োজন কৰা হয় । প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি আয়োজন কৰা হৈছে পূজাৰ কাৰ্যসূচী । এই সন্দৰ্ভত পূজা সমিতিৰ বিষয়ববীয়া বিদ্যানন্দ ঝা,ৰাজু সাহানী,বিনোদ শৰ্মা,কুনাল আনন্দ ঝাই কয় যে,বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ভক্তসকলৰ বাবে পূজাৰ সকলো ব্যৱস্থা কৰা হৈছে । এই দুদিনীয়া কাৰ্যসূচীত প্ৰশাসনৰ সকলো নিৰ্দেশ মানি ভক্তপ্ৰাণ ৰাইজক পূজাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সমিতিয়ে ।
ষট পূজা উপলক্ষে উখল-মাখল গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ঘাট - CHHATH PUJA
বিহাৰী সম্প্ৰদায়ৰ লোকসকলে চাৰিদিনীয়াকৈ পালন কৰে ষট পূজা । সূৰ্যাস্ত আৰু সূৰ্য উদয়ৰ পূৰ্বে বিশেষ পূজা-অৰ্চনা কৰে এই লোকসকলে ।
ষট পূজা উপলক্ষে উখল-মাখল গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ঘাট
পূজাৰ প্ৰথমদিনাৰ কাৰ্যসূচীত প্ৰায় ১০ হাজাৰৰো অধিক ভক্তৰ সমাগম হোৱা বুলি ৰাজু সাহানীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে চাৰিদিনীয়াকৈ পালন কৰে ষট পূজা। সূৰ্যাস্ত আৰু সূৰ্য উদয়ৰ পূৰ্বে বিশেষ পূজা-অৰ্চনা কৰে এই লোকসকলে। পূজাত ভক্তৰ মনোকামনা পূৰ্ণ হয় বুলি কোৱা হয় । ষট পূজা বিশেষকৈ বিহাৰ,উত্তৰ প্ৰদেশ আদি ৰাজ্যত পালন কৰা হয় যদিও অসমৰ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে এই পূজা পালন কৰে ।
লগতে পঢ়ক: বিপিএফ-বিজেপিৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াঃ নৱ শৰণীয়া