অসম

assam

ETV Bharat / state

শিৱসাগৰ, বৰপেটাৰোড, হাইলাকান্দিকে ধৰি বিভিন্ন প্ৰান্তত উদযাপন ষঠ পূজা - Barpetaroad Chhath Puja celebration news

সমাজৰ পৰা অপায় অমংগল দূৰ কৰিবলৈ আজিৰ দিনটোতে সূৰ্য দেৱতাক পূজা কৰি অহা হৈছে ৷ সূৰ্য্য অস্ত যোৱাৰ পূৰ্বে পুখুৰী বা নৈৰ পানীত নামি ভক্তপ্ৰাণ ৰাইজে সূৰ্যক পূজা কৰাৰ লগতে, পূজাৰ পাছদিনা অৰ্থাৎ সপ্তমীৰ পুৱাৰ ভাগত উদয়গামী সূৰ্য্যক অৰ্ঘ্য প্ৰদান কৰি ষট পূজাৰ সামৰণি কৰে ভক্তসকলে ৷

বিভিন্ন প্ৰান্তত উদযাপন ষঠ পূজা

By

Published : Nov 3, 2019, 3:09 AM IST

নিউজ ডেস্ক, 2 নৱেম্বৰঃদেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন কৰা হয় ষঠ পূজা ৷ সমাজৰ পৰা অপায় অমংগল দূৰ কৰিবলৈ আজিৰ দিনটোতে সূৰ্য দেৱতাক পূজা কৰি অহা হৈছে ৷ সূৰ্য্যাস্তৰ পূৰ্বেই পানীত নামি ৰাইজে সূৰ্যক পূজা কৰাৰ লগতে সপ্তমীৰ পুৱাৰ ভাগত উদয়গামী সূৰ্য্যক অৰ্ঘ্য প্ৰদান কৰি ষট পূজাৰ সামৰণি কৰে ৷

বিভিন্ন প্ৰান্তত উদযাপন ষঠ পূজা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ, চিৰাং, বৰপেটাৰোড, শোণিতপুৰৰ ৰঙাপৰা আৰু হাইলাকান্দিতো উদযাপন কৰা হয় ষঠ পূজা ৷ ষঠ পূজা উপলক্ষে এইসমূহ স্থানত বহুসংখ্যক ভক্তৰ সমাগম হোৱাৰ লগতে এক ভক্তিমুলক পৰিৱেশে বিৰাজ কৰা পৰলক্ষিত হয় ৷ শিৱসাগৰৰ থানামুখত সাৰ্বজনীন ষট পূজা পৰম্পৰাগত ভাৱে পালন কৰা হয় | সূৰ্য্য দেৱতাক আৰাধনা কৰি ধূপ, চাকি, নৈব্যদৰে সেৱা পূজা কৰা হয় | ষট পূজাত একে সময়তে জল দেৱতা আৰু সূৰ্য্য দেৱতাক সেৱা আগবঢোৱা হয় | একেদৰেই চিৰাং জিলাটো উদযাপন কৰা হয় ষঠ পূজা ৷ জিলাখনৰ ডাংতলৰ কুঁজিয়া, বিজনীৰ দুলনী নৈৰ পাৰত, ঢালিগাঁও, বৈসুনগাঁও শ্লুইজ গেট, দাদাগিৰি ছাপাগুৰি, বাসুগাঁৱৰ চম্পাৱতী নৈৰ পাৰত আবেলি ভাগত ধূপ ধূনা, নৈবেদ্য আগবঢ়াই সূৰ্য দেৱতালৈ প্ৰণাম জনাই পূজা উদযাপন কৰা হয় ৷ জিলাখনৰ বিভিন্ন নৈ-উপনৈৰ কাষত ষঠ পূজা অনুষ্ঠিত হোৱাত বিৰাজ কৰে এক উৎসৱমূখৰ পৰিৱেশে ৷ আনহাতে, বৰপেটাৰোডত অনুষ্ঠিত হৈ যোৱা ষঠ পূজাত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে ৷ বৰপেটাৰোডৰ বিষ্ণু-জ্যোতি সৰোবৰত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমেৰে আয়োজন কৰা পূজাত উপস্থিত থাকে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, বাক্সাৰ আৰক্ষী অধীক্ষক প্ৰতিক ৱি থুৱে, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়া মানস শইকীয়া, বৰপেটাৰোড পৌৰসভাৰ সভানেত্ৰী সবিতা দেবনাথকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ৷ ইফালে, শোণিতপুৰ জিলাৰ ৰঙাপৰাতো ৰেলৱে পুখুৰীৰ ঘাট, বৰজুলি নদী, কালনি নদী আৰু ডিপোটা নদীৰ ঘাটত উদযাপন কৰা হয় ষঠ পূজা ৷ একেদৰেই হাইলাকান্দি জিলাৰ ধলেশ্বৰী, কাটাখাল নদীকে ধৰি আন আন জলাধাৰত অস্তমান সূৰ্যৰ প্ৰতি শ্ৰদ্ধা নিবেদনেৰে পালন কৰা হয় ষঠ পূজা । জিলাখনৰ চিৰিছপুৰ, লালামুখ, আয়নাখাল, কৈয়া, মনিপুৰ চাহ বাগিচাকে ধৰি আন ঠাইসমূহত উদযাপন কৰা হয় বিশেষ পূজা ৷ বহুসংখ্যক লোকৰ সমাগম হোৱা পূজাস্থলীত যাতে কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে হাইলাকান্দি জিলা প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা হয় যথোপযুক্ত সুৰক্ষা তথা নিৰাপত্তা ব্যৱস্থা ।

লগতে পঢ়কঃ ৰাজ্যজুৰি উদযাপন ষঠ পূজা

উল্লেখ্য যে, উত্তৰ ভাৰতৰ লগতে বিহাৰী সম্প্ৰদায়ে পালন কৰি অহা এই ষঠ পূজাত একে সময়তে জল দেৱতা আৰু সূৰ্য্য দেৱতাক সেৱা আগবঢোৱা হয় | জনবিশ্বাস অনুসৰি, ষঠ পূজাত ব্ৰত ধৰি সেৱা পূজা কৰিলে ভক্তৰ মনোকামনা পূৰ্ণ হয় |

ABOUT THE AUTHOR

...view details