অসম

assam

By

Published : Oct 31, 2022, 1:55 PM IST

ETV Bharat / state

Chhath puja 2022: ৰাজ্য়ত অপায় অমংগল দূৰ কৰাৰ কামনাৰে ষঠ পূজাৰ সামৰণি

সমাজৰ সকলোৰে মংগল কামনাৰে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে সূৰ্য দেৱতাক অতীজৰে পৰাই ষঠ পূজা কৰি আহিছে (Chhath puja 2022 in Assam)। এই পূজা দোকমোকালিতে অনুষ্ঠিত হয় । কাৰণ সূৰ্য উদয়ৰ লগত সান্নিধ্য আছে বুলি বিশ্বাস কৰি আহিছে এই সম্প্ৰদায়ৰ লোকসকলে । দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো উদযাপন কৰা হয় ষঠ পূজা ।

Chhath puja 2022
ৰাজ্য়ত অপায় অমংগল দূৰ কৰাৰ কামনাৰে ষট পূজাৰ সামৰণি

নিউজ ডেস্ক, ৩১অক্টোবৰ:বিহাৰ-উত্তৰ প্ৰদেশৰ সমান্তৰালকৈ অসমতো পালন কৰা হয় ষঠ পূজা (Chhath puja 2022 celebrated in Assam)। এই পূজা উপলক্ষে লোকে লোকাৰণ্য হৈ পৰে ৰাজ্য়ৰ বিভিন্ন প্ৰন্তৰ নদীৰ ঘাট ৷ ৰাজ্য়ৰ আন ঠাইৰ লগতে ধুবুৰী, ৰঙাপৰা, গোৰেশ্বৰ, ডিব্ৰুগড় আদিতো এই পূজা পালন কৰা হয় ।

পূজা উপলক্ষে ৰঙাপৰাৰ বৰজুলি নদী (Chhath puja 2022 celebrated in Rangapara), ডিপোটা নদী, কালনি নদী আৰু ৰেলৱে লোক কলনীস্থিত পুখুৰী ঘাট লোকাৰণ্য হৈ পৰে । ইপিনে, গোৰেশ্বৰৰ ভিন্ন প্ৰান্তৰ পৰা আহি যমুনাঘাটত পানীত নামি পালন কৰে ষঠ পূজা । আনহাতে, ডিব্ৰুগড়ৰ মাইজানৰ নদীৰ পাৰত শতাধিক লোকে সূৰ্য দেৱতাক স্মৰণ কৰে । তদুপৰি সৰুপথাৰত টাউন ষঠ পূজাত সাংসদ গৌৰৱ গগৈয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য় যে সমাজৰ পৰা অপায় অমংগল দূৰ কৰাৰ কামনাৰে বিহাৰী সম্প্ৰদায়ৰ লোকসকলে সূৰ্য দেৱতাক পূজা কৰে এই দিনটোত । সূৰ্য্য অস্ত যোৱাৰ পূৰ্বে পুখুৰী বা নৈৰ পানীত নামি ভক্তপ্ৰাণ ৰাইজে সূৰ্যক পূজা কৰাৰ লগতে, পূজাৰ পাছদিনা অৰ্থাৎ সপ্তমীৰ পুৱাৰ ভাগত উদয়গামী সূৰ্যক অৰ্ঘ্য প্ৰদান কৰি ষঠ পূজাৰ সামৰণি কৰে ভক্তসকলে ৷ ষঠ পূজাত আগদিনা সূৰ্যাস্ত আৰু পিছদিনা সূৰ্য উদয় হোৱাৰ সময়ত ভক্তসকলে নিজৰ মনোকামনা পূৰণ হোৱাৰ বাবে সূৰ্য দেৱতাক আৰাধনা কৰে । বিশেষকৈ ষঠ পূজাত বাৰেবৰণৰ ফল-মূলৰ লগতে কুঁহিয়াৰ আৰু বাকী পূজাৰ সামগ্ৰী আদি ব্যৱহাৰ কৰা হয় ।

ষঠ পূজা বা ছঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ (Chhath puja 2022)। ষঠ পূজা ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ । প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষঠ বা ছঠ পূজা অনুষ্ঠিত কৰা হয় । উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ষঠ ঘাইকৈ বিহাৰ,উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায় (Chhath puja date timing and puja significance)।

লগতে পঢ়ক:National Unity Day 2022 : গুৱাহাটীত একতাৰ দৌৰৰ কাৰ্যসূচীত হিমন্ত বিশ্ব আৰু সৰ্বানন্দৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details