অসম

assam

By

Published : Jun 12, 2019, 8:58 PM IST

ETV Bharat / state

উলংগ নৃত্যঃ ইছলাম ধৰ্মগুৰু-নেতাই কি কয়?

গুৱাহাটীৰ সদৰ মুফটি নবীউল হক ৰিজবিয়ে উলংগ নৃত্য কাণ্ডক গৰিহণা দি কয় যে যিসকলে এনেধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিছে, তেওঁলোক ইছলাম হোৱাটো দূৰৰে কথা মানুহ হোৱাৰো যোগ্য নহয় ৷ ইছলামত নাচ-গানৰ অনুমতি নাই বুলিও মন্তব্য কৰে ধৰ্মগুৰুগৰাকীয়ে ৷

উলংগ নৃত্যঃ ইছলাম ধৰ্মগুৰু-নেতাই কি কয়?

গুৱাহাটী, 12 জুনঃ ঈদৰ নামত অনুষ্ঠান পাতি লাগে উলংগ নৃত্য ৷ ছয়গাঁৱৰ এই ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়া সৰ্বত্ৰে ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইছলাম ধৰ্মগুৰু তথা মুছলমান নেতাই ৷ গুৱাহাটীৰ সদৰ মুফটি নবীউল হক ৰিজবিয়ে উলংগ নৃত্য কাণ্ডক গৰিহণা দি কয় যে যিসকলে এনেধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিছে, তেওঁলোক ইছলাম হোৱাটো দূৰৰে কথা মানুহ হোৱাৰো যোগ্য নহয় ৷ ইছলামত নাচ-গানৰ অনুমতি নাই বুলিও মন্তব্য কৰে ধৰ্মগুৰুগৰাকীয়ে ৷

ইছলামত নাচ-গানৰ অনুমতি নাইঃ মুফটি নবীউল হক ৰিজবি

আনহাতে, মুছলিম ছাত্ৰ ফেডাৰেশ্বনৰ অসম শাখাৰ সভাপতি মহম্মদ টৌছিফ হুছেইন ৰেজাই ছয়গাঁও কাণ্ডত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ৷ এনেধৰণৰ নিকৃষ্ট ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে, তাৰ বাবে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনাইছে মুছলিম ছাত্ৰ ফেডাৰেশ্বনৰ নেতাগৰাকীয়ে ৷

মুছলমান নেতাৰ গৰিহণা

ABOUT THE AUTHOR

...view details