গুৱাহাটী, ২৮ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ অসম ভ্ৰমণ (PM Modi's Assam visit) সামৰি উভতি যোৱাৰ পিছতেই অসমৰ ৰাজনৈতিক দৃশ্যপট বহু পৰিমাণে সলনি হোৱাৰ ইংগিত পোৱা গৈছে । শাসক দল বিজেপি আৰু দুই মিত্ৰ দল অসম গণ পৰিষদ আৰু ইউ পি পি এল বিগত প্ৰায় এপষেকজুৰি প্ৰধানমন্ত্ৰীৰ আজিৰ অসম ভ্ৰমণক লৈ ব্যস্ত হৈ আছিল । কিন্তু আজি প্ৰধানমন্ত্ৰীৰ এই বহু প্ৰত্যাশিত ভ্ৰমণ শেষ হোৱাৰ পিছতেই পুনৰ আৰম্ভ হ’ব ৰাজ্যৰ ৰাজনীতিৰ দৃশ্যপট সলনি হোৱাৰ প্ৰক্ৰিয়া (Change in political scenario of Assam) ।
বিশেষকৈ ৰমজান মাহ শেষ হোৱাৰ লগে লগে অৰ্থাৎ মে'ৰ প্ৰথমটো সপ্তাহৰ পৰাই আৰম্ভ হ’ব ৰাজ্যৰ ৰাজনীতিত ব্যাপক সালসলনি । অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই স্পষ্টকৈ এই কথা প্ৰকাশ কৰিছে । সাংসদ গৰাকীয়ে কয় যে, ৰমজান মাহ অন্ত পৰাৰ পিছতেই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ কেইবাজনো কংগ্ৰেছ নেতা-বিধায়কে অগপত যোগ দিয়াটো প্ৰায় নিশ্চিত হৈছে । স্বাভাৱিকতে প্ৰশ্ন উঠে কোন এইকেইজন কংগ্ৰেছ নেতা-বিধায়ক ?
ইতিমধ্যে, ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে যে জ্যেষ্ঠ কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে আন এগৰাকী কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে অগপত যোগ দিব । ৰকিবুল হুছেইনে অৱশ্যে কিছুদিন পূৰ্বে তেনে সম্ভাৱনা অস্বীকাৰ কৰিছে যদিও কংগ্ৰেছত থাকি যে আজিৰ তাৰিখত তেওঁ সুখী নহয় সেই কথা ইতিমধ্যে তেওঁৰ কেতবোৰ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে (Rakibul Hussain's future political move) ।