অসম

assam

ETV Bharat / state

ডিচেম্বৰৰ দ্বিতীয়টো দেওবাৰে মহানগৰীৰ সমীপৱৰ্তী বনভোজস্থলীত ভিৰ - ঐতিহাসিক হাতিশীলা

মহানগৰীৰ সমীপৱৰ্তী পানীখাইটি, ঐতিহাসিক হাতিশীলা, তপোবন, চন্দ্ৰপুৰকে আদি কৰি কেতবোৰ বনভোজস্থলীত দেখা গৈছে বনভোজপ্ৰেমীৰ ভিৰ ৷

ডিচেম্বৰৰ দ্বিতীয়টো দেওবাৰে মহানগৰীৰ সমীপৱৰ্তী বনভোজস্থলীত বনভোজকাৰী ভিৰ
ডিচেম্বৰৰ দ্বিতীয়টো দেওবাৰে মহানগৰীৰ সমীপৱৰ্তী বনভোজস্থলীত বনভোজকাৰী ভিৰ

By

Published : Dec 13, 2020, 4:53 PM IST

গুৱাহাটী,13 ডিচেম্বৰঃমহানগৰীৰ সমীপৱৰ্তী পানীখাইটি, ঐতিহাসিক হাতিশীলা, তপোবন, চন্দ্ৰপুৰকে আদি কৰি কেতবোৰ বনভোজস্থলীত দেখা গৈছে বনভোজপ্ৰেমীৰ ভিৰ । কংক্ৰীটৰ মহানগৰীৰ পৰা আঁতৰত আহি বনভোজৰ আনন্দ ল'লে একাংশ বনভোজপ্ৰেমীয়ে । কোনোবা যদি আহিছে পৰিয়ালৰ লগত আন কোনোবা আহিছে বন্ধুৰ লগত । ব্ৰহ্মপুত্ৰৰ বালিচৰত বনভোজৰ আনন্দ ল'লে প্ৰতিজনে ।

ডিচেম্বৰৰ দ্বিতীয়টো দেওবাৰে মহানগৰীৰ সমীপৱৰ্তী বনভোজস্থলীত ভিৰ
উল্লেখযোগ্য যে, ক'ৰণা মহামাৰীৰ প্ৰভাৱৰ বাবে এইবাৰ বনভোজস্থলীত ডিচেম্বৰৰ দেওবাৰৰ দিনটোত দেখা গ’ল বনভোজ দলৰ সেৰেঙা উপস্থিতি । বনভোজ পৰিচালনা সমিতি সমূহেও কৰ'ণাৰ বাবে লৈছে বিশেষ তৎপৰতা ।লগতে পঢ়কঃ তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত যতীন বৰা আৰু বিদ্যাসাগৰ

ABOUT THE AUTHOR

...view details