অসম

assam

ETV Bharat / state

চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সংন্থাৰ তীব্ৰ প্ৰতিবাদ । নাৰেংগীৰ পৰা চন্দ্ৰপুৰৰ মাজেৰে মৰিগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰ পানীখাইতি চাৰিআলিত দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু EIA ৰ প্ৰতিলিপি ।

চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ
চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Jan 24, 2021, 3:27 PM IST

গুৱাহাটী, ২৪ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰেও দেখিবলা পোৱা গ‘ল অনুৰূপভাৱে আন্দোলন ৷ অমিত শ্বাহৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷ সমান্তৰালকৈ নাৰেংগীৰ পৰা চন্দ্ৰপুৰৰ মাজেৰে মৰিগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰ পানীখাইতি চাৰিআলিত ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মহানগৰীৰ চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সংন্থাই কলা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজপথত দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু EIA ৰ প্ৰতিলিপি ।

বিশেষকৈ অসম চুক্তিৰ ৬নং দফা অনতি পলমে কাৰ্যকৰী কৰা, কা বাতিল কৰা, EIA বাতিলৰ দাবী জনায় ছাত্ৰ সংগঠনটোৱে ৷ প্ৰায় অৰ্ধশতাধিক ছাত্র-ছাত্ৰীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ । এই প্ৰতিবাদত চন্দ্ৰপুৰ আছুৰ বিষয়ববীয়াই ভাৰতৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । প্ৰতিবাদকাৰীসকলে অসমৰ পৰা কা আৰু EIA বাতিলৰ দাবী জনোৱাৰ সমান্তৰালকৈ অনাগত দিনত চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলিও হুংকাৰ প্ৰদান কৰে ।

উল্লেখ্য যে, প্ৰতিলিপি দাহ কৰাৰ সময়ত ৰাজপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱাৰ পৰিপেক্ষিতত প্ৰাগজ্যোতিষপুৰ আৰু পানীখাইতিত আৰক্ষীৰ দলে যান-জঁট নিয়ন্ত্ৰণ কৰিব লগীয়া পৰিস্থিতিৰো সৃষ্টি হয় ।

লগতে পঢ়ক:আমগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details