অসম

assam

ETV Bharat / state

চন্দ্ৰপুৰবাসীক চৰকাৰে কৰি অহা অন্যায় সহ্য কৰা নহ’বঃ সমুজ্জ্বল ভট্টাচাৰ্য

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কলে, মহানগৰীৰ গাতে লাগি থকা চন্দ্ৰপুৰ অঞ্চলৰ প্ৰাথমিক বিদ্যালয় সমূহত প্ৰাক প্ৰাথমিকৰ ব্যৱস্থা থাকিব লাগিব; তাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাব লাগিব ৷ লগতে সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বৃত্তিমুখী প্ৰতিষ্ঠান এখন স্থাপন কৰাৰো দাবী তুলে ভট্টাচাৰ্যই ৷

By

Published : Nov 10, 2020, 10:25 PM IST

Chandrapur aasu adhibeshsn
চন্দ্ৰপুৰত চৰকাৰে কৰি অহা অন্যায় সহ্য কৰা নহ’বঃ সমুজ্জ্বল ভট্টাচাৰ্য

গুৱাহাটী,10 অক্টোবৰঃমঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে চন্দ্ৰপুৰত অনুষ্ঠিত হয় সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ চন্দ্ৰপুৰ অধিবেশন ৷ অধিবেশনত ভাগ লয় আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷

ইপিনে অধিবেশনস্থলীৰ পৰাই চৰকাৰক তীব্ৰ সমালোচনা কৰে সমুজ্জ্বল ভট্টাচাৰ্যই ৷ তেওঁ কয় যে, চন্দ্ৰপুৰ অঞ্চলৰ প্ৰাথমিক বিদ্যালয় সমূহত প্ৰাক প্ৰাথমিকৰ ব্যৱস্থা থাকিব লাগিব আৰু তাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাব লাগিব ৷ লগতে সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বৃত্তিমুখী প্ৰতিষ্ঠান এখন স্থাপন কৰাৰো দাবী তুলে ভট্টাচাৰ্যই ৷

চন্দ্ৰপুৰত চৰকাৰে কৰি অহা অন্যায় সহ্য কৰা নহ’বঃ সমুজ্জ্বল ভট্টাচাৰ্য

তেওঁ ভাষণ প্ৰসংগত কয় যে, দিছপুৰে অতিজৰে পৰা চন্দ্ৰপুৰক অন্যায়, অৱজ্ঞা কৰি আহিছে ৷ ৰাজধানী পাতিছিল, সেয়াও উঠায় লৈ গ'ল ৷ মহকুমা ঘোষণা কৰিলে, সেয়াও লৈ গ’ল ৷ চাৰিটাকৈ লাভজনক উদ্যোগ আছিল ৷ চৰকাৰৰ ভুল নীতিৰ বাবে সেয়াও বন্ধ হ'ল ৷ লগতে পৰ্যটনৰ বাবে সকলো সম্ভাৱনা থকাৰ পাছতো অঞ্চলটোক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি নুতুলিলে চৰকাৰে ৷ যাক লৈ ক্ষোভ প্ৰকাশ কৰে ভট্টাচাৰ্যই ৷ গতিকে চৰকাৰৰ এনে অন্যায়ৰ বিৰুদ্ধে চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ হৈ বলিষ্ঠ প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব বুলিও মন্তব্য কৰে ৷

লগতে পঢ়কঃ ডিকমৰ মটক বাগিছাত অব্যাহত উত্তেজনা: গাঁত খান্দি উলিয়ালে সৎকাৰ কৰা শিশুক

ABOUT THE AUTHOR

...view details