অসম

assam

ETV Bharat / state

খিলঞ্জীয়াৰ নামতে থাকিব অসমৰ ভূমিঃ চন্দ্ৰমোহন পাটোৱাৰী - মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সংবাদমেল

"অসমীয়া ভাষা কেতিয়াও বিনষ্ট হ'ব নিদিও ৷ অসমীয়া ভাষা সদায় চিৰ চেনেহী হৈ থাকিব ৷ এই মন্তব্য চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ অসমৰ মাটি হস্তান্তৰ হ'ব নোৱাৰাকৈ ইতিমধ্যে ভূমি নীতি গ্ৰহণ কৰা বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

Chandramohan Patowary press meet
ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

By

Published : Dec 19, 2019, 4:34 AM IST

গুৱাহাটী, 18 ডিচেম্বৰ: ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল ৷ সংবাদত মেলত পাটোৱাৰীৰ মন্তব্য কৰে যে, অসমীয়া ভাষা কেতিয়াও বিনষ্ট হ'ব নিদিও ৷ অসমীয়া ভাষা সদায় চিৰ চেনেহী হৈ থাকিব ৷ ইতিমধ্যে ভূমি নীতি গ্ৰহণ কৰা হৈছে আৰু এই ভূমি নীতি অনুসৰি অসমৰ মাটি হস্তান্তৰ হ'ব নোৱাৰে ৷ খিলঞ্জীয়াৰ নামতে থাকিব অসমৰ ভূমি ৷

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

ইয়াৰ লগতে তেওঁ কয় যে, কিছুমান অশুভ শক্তিয়ে অসমত মূৰ দাঙি উঠিছে ৷ আমি হিংসাৰ আশ্ৰয় লোৱা তৃতীয় শক্তিক চিনাক্ত কৰি মিলাপ্ৰীতিৰে থাকিব লাগিব ৷ তৃতীয় বা ৰাজনৈতিক শক্তিৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব ৷

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

আমাৰ উন্নয়নৰ যাত্ৰাত আগন্তুক দিনত নিবনুৱা সকলক সংস্থাপনৰ দিশত আগবঢ়াই নিয়া হ'ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

তেওঁৰ মতে, তেওঁলোকে কোনো কাম অসমৰ ৰাইজৰ পৰা লুকুৱাই কৰা নাই ৷ আজিও জাতি,মাটি,ভেটি,সংস্কৃতি ৰক্ষাৰ যি প্ৰতিশ্ৰুতি দিছিল তাৰ পৰা তিলমানো তেওঁলোক বিচ্যুত হোৱা নাই ৷

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

বৰ্তমানেও কোনো কূটাঘাট সংঘটিত হোৱাৰ সম্ভাৱনা থকা বাবেই ইন্টাৰনেট সেৱা কৰ্তন কৰি ৰখা বুলি উল্লেখ মন্ত্ৰী গৰাকীৰ ৷

এই আন্দোলনৰ দ্বাৰা আটাইতকৈ ডাঙৰ ক্ষতি হ'ব নিবনুৱা সকলৰ ৷ কিয়নো তেওঁলোকৰ নিযুক্তিৰ বাবে উদ্যোগবোৰত আহিবলগীয়া যি ব্যয়বোৰ আছিল সেইবোৰ হ্ৰাস পাব ৷

লগতে পঢ়ক- এককালীন সাহায্য সন্দৰ্ভত শিল্পীসমাজৰ মন্তব্য

For All Latest Updates

ABOUT THE AUTHOR

...view details