অসম

assam

By

Published : Sep 20, 2019, 11:02 PM IST

ETV Bharat / state

চাহ উদ্যোগ এতিয়া ফাঁকিত চলি আছেঃ উদ্যোগ মন্ত্ৰীক উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ভীষণ সংকটত ৰাজ্যৰ চাহ উদ্যোগ ৷ সেউজীয়া পাতত মূল্য কম পোৱা বাবে চাহ উদ্যোগে সন্মুখীন হৈছে লোকচানৰ ৷ অকপট স্বীকাৰোক্তি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

চাহ উদ্যোগ এতিয়া ফাঁকিত চলি আছেঃ উদ্যোগ মন্ত্ৰীক উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

গুৱাহাটী, 20 ছেপ্টেম্বৰঃ তিনি বছৰীয়া শাসন কালত ৰাজ্যৰ চাহ উদ্যোগ শক্তিশালী কৰাত ব্যৰ্থ ৰাজ্য চৰকাৰ ৷ ৰাজ্যৰ চাহ উদ্যোগ এতিয়া ভীষণ সংকটত ৷ এই অকপট স্বীকাৰোক্তি অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ শুকুৰবাৰে সংবাদমেল অনুষ্ঠিত কৰি মন্ত্ৰী গৰাকীয়ে সেউজীয়া পাতত মূল্য কম পোৱা বাবে চাহ উদ্যোগে লোকচানৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে আৰু সেয়ে চাহৰ মান বজাই ৰাখিবলৈ ট্ৰি বৰ্ডক প্ৰয়োজনীয় নিৰ্দেশনা জাৰী কৰিবলৈ আহ্বান জনায় ৷

ৰাজ্যৰ চাহ উদ্যোগ এতিয়া ভীষণ সংকটতঃ অকপট স্বীকাৰোক্তি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

আনহাতে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এই সংবাদমেলৰ পাচতেই কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উভতি ধৰে উদ্যোগ মন্ত্ৰী গৰাকীক ৷ চাহ উদ্যোগ এতিয়া ফাঁকিত চলি আছে বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে কয় যে, অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত চাহ উদ্যোগ উন্নত কৰাৰ বাবে অনুস্থিত হোৱা বৈঠকত কেৱল কাজিয়াহে হ'ল ৷ লগতে তেওঁ কয় যে, উপযুক্ত চাহ পাবলৈ হ'লে চাহ শ্ৰমিকক সন্তুষ্ট কৰিব লাগিব ৷ কিন্তু চাহ শ্ৰমিকৰ আজিলৈকে দৰমহা বৃদ্ধি নহ'ল বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

চাহ উদ্যোগ এতিয়া ফাঁকিত চলি আছেঃ উদ্যোগ মন্ত্ৰীক উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ABOUT THE AUTHOR

...view details