অসম

assam

By

Published : Dec 28, 2019, 5:35 PM IST

ETV Bharat / state

ৰাজ্যৰ উন্নয়নত ব্যাঘাত কৰাৰ অধিকাৰ নাই কংগ্ৰেছৰঃ চন্দ্ৰমোহন পাটোৱাৰী

জয় আই অসম ক'লেই জাতীয়তাবাদী হৈ নাযায় কংগ্ৰেছ আৰু বাওঁপন্থী ৷ এই মন্তব্য সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

Chandramohan Patowari pressmeet in Guwahati
চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

গুৱাহাটী, 28 ডিচেম্বৰঃ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল সম্বোধন ৷ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত ৰাজ্যৰ বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে ৷ অসম চুক্তিৰ 6নং দফাই জাতি-মাটি-ভেটি ৰক্ষা কৰিব বুলিও তেওঁ উল্লেখ কৰে ৷ লগতে তেওঁ কয় যে, 7 নং দফাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে ৷ আনহাতে Advantage Assam ৰ পৰা অসমৰ উদ্যোগীক ক্ষেত্ৰতো যথেষ্ট লাভৱান হৈছে ৷ ইয়াৰ পৰা ইতিমধ্যে বহিঃৰাজ্য তথা বিদেশৰ লগতে বহু চুক্তি কৰা হৈছে ৷

চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল

ইয়াৰোপৰি তেওঁ BCPL বন্ধ নহয় বুলি ঘোষণা কৰাৰ লগতে তাৰ পৰা বৰ্তমান লাভৰ দিশে অগ্ৰসৰ হোৱা বুলিওঁ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উল্লেখ কৰে ৷ ইন্দ্ৰধণু গেছ আঁচনিৰ বাবে চৰকাৰে গুৰুত্ব দিছে আৰু আগন্তুক বৰ্ষত গেছ পাইপ লাইনৰ ব্যৱস্থা হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ জনায় ৷ লিডু বিমানবন্দৰৰ যোগাযোগ ব্যৱস্থাও হাতত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ লগতে ডিব্ৰুগড়ৰ বিমানবন্দৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰা হৈছে আৰু ৰূপচি বিমানবন্দৰ নিৰ্মাণৰ কাম অতিশীঘ্ৰে কৰা হ'ব বুলিও উল্লেখ কৰে ৷

ইফালে, আন্দোলনৰ কাৰণে ৰাজ্যৰ উন্নয়নৰ যাতে ক্ষতি নহয় তাৰ বাবে দল সংগঠনে গুৰুত্ব দিয়া উচিত বুলিও মন্তব্য প্ৰদান কৰে ৷ কংগ্ৰেছ আৰু বাওঁপন্থীক সমালোচনা কৰি তেওঁ কয় যে, ৰাজ্যৰ উন্নয়নত ব্যাঘাত জন্মোৱাৰ অধিকাৰ তেওঁলোকৰ নাই ৷ জয় আই অসম ক'লেই জাতীয়তাবাদী হৈ নাযায় কংগ্ৰেছ আৰু বাওঁপন্থী বুলিও চন্দ্ৰমোহন পাটোৱাৰীয়ে উল্লেখ কৰে ৷ লগতে কাগজ কলৰ কোনো কৰ্মচাৰীয়ে ঘৰ এৰিব নালাগে বুলিও তেওঁ উল্লেখ কৰে ৷

আৰু পঢ়কঃবিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল নগাঁও সদৰ থানাত

ABOUT THE AUTHOR

...view details