অসম

assam

ETV Bharat / state

কৈ থাকিলে ওৰকে নপৰা মন্ত্ৰী চন্দ্ৰমোহনৰ ব্যৰ্থতা-পুৰাণ - pink bus

চিটিবাছ যাত্ৰাৰ আমুল পৰিৱৰ্তন সাধি গুৱাহাটীত ২৫ খন গুলপীয়া বাছ মুকলি কৰা হৈছিল । কিন্তু হঠাতে ৰাজপথৰ পৰা অন্তৰ্ধান হ'ল এই গুলপীয়া বাছসমূহ । ভ্ৰমণ সাৰথিত 'ভ্ৰমণ'ৰ পৰা এতিয়া বঞ্চিত বয়োজ্যেষ্ঠ নাগৰিক তথা মহিলাসকল । ৰাজপথ শুৱনি কৰিবলগীয়া গুলপীয়া বাছসমূহে এতিয়া অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰূপনগৰস্থিত ৱৰ্কশ্ব'পহে শুৱনি কৰিছে । পৰিবহন নিগমৰ বিষয়াসকলো এই সন্দৰ্ভত অৱগত নহয় ।

ক'ত অন্তৰ্ধান হ'ল গুৱাহাটীৰ গুলপীয়া বাছ
ক'ত অন্তৰ্ধান হ'ল গুৱাহাটীৰ গুলপীয়া বাছ

By

Published : Sep 15, 2021, 7:48 PM IST

Updated : Sep 15, 2021, 8:19 PM IST

গুৱাহাটী, 15 ছেপ্তেম্বৰ : অসম চৰকাৰৰ পৰিবহন বিভাগে সময়ে সময়ে চমক সৃষ্টি কৰ‍াৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰে যদিও পৰৱৰ্তী সময়ত সেইবোৰ যেন ফুটুকাৰ ফেনত পৰিণত হয় । তাৰেই ‍অন্যতম উদাহৰণ গুলপীয়া বাছ সেৱা (পিংক ব‍াছ) । দিল্লীৰ কেজৰিৱাল চৰকাৰৰ আৰ্হিত অসমতো আৰম্ভ কৰা হৈছিল গুলপীয়া বিনামূলীয়া বাছসেৱা । এক প্ৰকাৰ ফ্লপ শ্ব’ হৈ পৰিল চন্দ্ৰমোহন পাটোৱাৰীৰ এই পদক্ষেপ ৷

ক'ত অন্তৰ্ধান হ'ল গুৱাহাটীৰ গুলপীয়া বাছ

অসম চৰকাৰৰ ৰাজ্যিক পৰিবহন নিগমে গুৱাহাটীৰ ৰাজপথত মহিলা আৰু বয়োজ্যেষ্ঠৰ সুবিধা হোৱাকৈ চলিত বৰ্ষৰ জানুৱাৰীত আৰম্ভ কৰিছিল গুলপীয়া বাছসেৱা । একপ্ৰকাৰ চমক সৃষ্টি কৰা এই গুলপীয়া বাছসেৱাক 'ভ্ৰমণ সাৰথি' নামেৰে নামাকৰণ কৰা হৈছিল । ১০ জানুৱাৰীত খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ অ'ফ কৰি এই বাছসেৱাৰ শুভাৰম্ভ কৰিছিল ।

ক'ত অন্তৰ্ধান হ'ল গুৱাহাটীৰ গুলপীয়া বাছ

আনহাতে পৰিবহন নিগমৰ এই অভিলাষী পদক্ষেপক আদৰণি জনাইছিল মহিলা আৰু বয়োজ্যেষ্ঠ বাছযাত্ৰীয়ে । সকলোৱে আশা কৰিছিল যে গুৱাহাটী মহানগৰীত চিটিবাছসমূহত হোৱা অভাৱনীয় ভিৰ বহু পৰিমানে হ্ৰাস কৰিব এই গুলপীয়া বাছসেৱাই ।

প্ৰাৰম্ভিক পৰ্যায়ত ২৫ খন গুলপীয়া বাছ মুকলি কৰা হৈছিল । কিন্তু হঠাতে ৰাজপথৰ পৰা অন্তৰ্ধান হ'ল এই গুলপীয়া বাছসমূহ । ভ্ৰমন সাৰথিত 'ভ্ৰমণ'ৰ পৰা এতিয়া বঞ্চিত বয়োজ্যেষ্ঠ নাগৰিক তথা মহিলাসকল । ৰাজপথ শুৱনি কৰিবলগীয়া গুলপীয়া বাছসমূহে এতিয়া অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰূপনগৰস্থিত ৱৰ্কশ্ব'পহে শুৱনি কৰিছে ।

লগতে পঢ়কঃ আৰক্ষীৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ কোষাগাৰৰ কৰ্মচাৰী

নিৰ্বাচনৰ প্ৰাকঃ মূহুৰ্তত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ততাতৈয়াকৈ গুলপীয়া বাছসেৱা মুকলি কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল, সেই কথা আজি স্পষ্ট ৰূপত প্ৰকাশ পাইছে । পৰিবহণ মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীৰ ব্যৰ্থতাৰ তালিকাখন ক্ৰমাৎ যেন দিঘলীয়া হৈ গৈ আছে ।

উল্লেখযোগ্য যে, গুলপীয়া বাছসেৱা মুকলি কৰাৰ সময়তে এই সেৱা কিমানদিনলৈ চলিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল । দিল্লী চৰকাৰে গুলপীয়া বাছসেৱাত সংযোজন কৰিছিল নতুন বাছ ।

ক'ত অন্তৰ্ধান হ'ল গুৱাহাটীৰ গুলপীয়া বাছ

কিন্তু অসম চৰকাৰৰ ৰাজ্যিক পৰিবহন নিগমে বিনামূলীয়া গুলপীয়া বাছসেৱাত সংযোজন কৰা বাছসমূহ নতুন নহয় । নিগমৰ পুৰণি ৰঙা বাছত নতুন গুলপীয়া ৰং লগাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰিবহন বিভাগে মহানগৰীৰ মহিলা আৰু বয়োজ্যেষ্ঠৰ বাবে শুভাৰম্ভ কৰিছিল বিনামূলীয়া বাছসেৱাৰ ।

গুলপীয়া বাছসেৱাৰ অধিকাংশ বাছ পুৰণি হোৱাৰ পৰিপ্ৰেক্ষিতত কিমান দিনলৈ চলিব তাক লৈ সকলোৰে সন্দেহ হৈছিল । অৱশেষত তাকেই হ'ল । বাছসমূহ ৰাজপথত চলাচল কৰাৰ বিপৰীতে ৱৰ্কশ্ব'পত সজাই ৰখা হৈছে।ইফালে পৰিবহন নিগমৰ বিষয়াসকলো এই সন্দৰ্ভত অৱগত নহয় ।

সময়মতে কাৰ্যালয়ত উপস্থিত নহয় কোনো এজন বিষয়া । কোনো এজন বিষয়াই গুলপীয়া বাছ চলাচল নকৰা সন্দৰ্ভত একো ক'ব নিবিচাৰে । এনেকৈয়ে চলিছে মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ বিয়াগোম পৰিবহন বিভাগ ।

লগতে পঢ়কঃ 75 টকাত পেট্ৰ’ল আৰু 68 টকাত ডিজেল কেনেকৈ সম্ভৱ ভাৰতত ?

Last Updated : Sep 15, 2021, 8:19 PM IST

ABOUT THE AUTHOR

...view details