গুৱাহাটী, 30 অক্টোবৰ :নগাঁৱৰ মৰিকলঙৰ আমদাদুল ইছলামৰ হত্যাকাৰীক বিচাৰি চলাথ কৰিছে চান্দমাৰী আৰক্ষীয়ে ৷ ইছলামৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিবলৈ চান্দমাৰী আৰক্ষীয়ে সহায় লৈছে অপৰাধ অনুসন্ধান শাখাৰ ৷ সেয়ে সোমবাৰে ক্ৰাইম ব্ৰাঞ্চৰ দল উপস্থিত হয় চান্দমাৰী আৰক্ষী থানাত ৷
দলটোৱে চান্দমাৰী আৰক্ষী থানাত উপস্থিত হৈ কেইবাগৰাকীও কিন্নৰক ঘটনাৰ সন্দৰ্ভত সোধ-পোচ কৰে । ইফালে বৰ্তমানে উদ্ধাৰ হোৱা নাই মৃত আমদাদুলৰ মোবাইল । আনহাতে মৃত ইছলামৰ মোবাইলৰ লোকেচন শিৱসাগৰত দেখুওৱা বুলি চান্দমাৰী আৰক্ষীয়ে প্ৰকাশ কৰিছে ।
এই সন্দৰ্ভত ইতিমধ্যে শিৱসাগৰ আৰক্ষীৰে যোগাযোগ কৰিছে চান্দমাৰী আৰক্ষীয়ে । মোবাইলটো উদ্ধাৰ হ’লে সমগ্ৰ ঘটনাৰ আঁৰৰ কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে । ইপিনে ইছলামৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানত আজি ক্ৰাইম ব্ৰাঞ্চৰ দল আৰু চান্দমাৰীৰ আৰক্ষীৰ দল উপস্থিত হয় ৷ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা কিছু দূৰত আজিও তেজৰ চেকুৰা প্ৰত্যক্ষ কৰে তদন্তকাৰী দলটোৱে । আৰক্ষীয়ে তেজৰ নমুনা সংগ্ৰহ কৰি ফৰেনচিকলৈ প্ৰেৰণ কৰিছে ।