অসম

assam

ETV Bharat / state

Silsako Eviction : আন্দোলন কৰা মানুহখিনি উচ্ছেদ কৰা অঞ্চলৰ নহয়; নাৰায়ণ ডেকা - কৃত্ৰিম বান

শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ প্ৰতিক্ৰিয়া ৷ আন্দোলন কৰা মানুহখিনি উচ্ছেদ কৰা অঞ্চলৰ নহয় ৷ যি খিনি ভূমিত ইতিমধ্যে উচ্ছেদ কৰা হৈছে সেই মানুহখিনিক একাংশ ব্যক্তিয়ে পুনৰ সংগঠিত কৰি আন্দোলন কৰিছে বুলি কয় তেওঁ ৷

Chairman Of GMDA Narayan Deka
শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত জি এম ডি এৰ অধ্যক্ষৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:06 PM IST

শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 1 ছেপ্টেম্বৰ : "গুৱাহাটীবাসীক কৃত্ৰিম বানমুক্ত কৰাৰ বাবে এই আঁচনি অতিকৈ জৰুৰী ৷ সেইবাবে শিলসাঁকোৰ এই ভূমি বেদখল মুক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷"এই মন্তব্য জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ ৷ শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, ইয়াত প্ৰায় সোতৰটা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান আছে সেইখিনিক লৈ এই প্ৰকল্প হাতত লোৱা হৈছে ৷ সেই বাবে 20 খন উন্নয়ন সমিতিৰ সহমতত 120 ৰ পৰা 130 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে আজি উচ্ছেদ চলোৱা হৈছে ৷

তেওঁ কয় যে, আন্দোলন কৰা মানুহখিনি উচ্ছেদ কৰা অঞ্চলৰ নহয় ৷ যি খিনি ভূমিত ইতিমধ্যে উচ্ছেদ কৰা হৈছে সেই মানুহখিনিক একাংশ ব্যক্তিয়ে পুনৰ সংগঠিত কৰি আন্দোলন কৰিছে ৷ চৰকাৰৰ পৰিকল্পনা অসফল কৰিবলৈ এইয়া এক চক্ৰান্ত যেন বোধ হয় বুলি মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে ৷

তেওঁ লগতে কয়, পূৰ্বতে কোৱাৰ দৰে জিঞ্জাৰকে ধৰি সোতৰটা অনুষ্ঠান-প্ৰতিষ্ঠানক শিলসাঁকোৰ পৰা উঠাই নিয়া হ’ব ৷ যিহেতু এক আইনী প্ৰক্ৰিয়াৰ মাজেৰে এনেবোৰ প্ৰতিষ্ঠানক ভূমি আবণ্টন দিয়া হৈছিল, গতিকে এক প্ৰক্ৰিয়াৰ মাজেৰে এনেবোৰ প্ৰতিষ্ঠানক উঠাই নিয়া হ’ব ৷ উচ্ছেদিত লোক সকলৰ ক্ষতিপূৰণৰ কথা নাহে ৷ যিহেতু তেওঁলোক বেদখলকাৰী বুলিও মন্তব্য কৰে তেওঁ ৷

জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই কয় যে, যি সকল লোকক উচ্ছেদ কৰা হৈছে আটাইবোৰ খিলঞ্জীয়া লোক ৷ গতিকে তেওঁলোকৰ প্ৰতি মুখ্যমন্ত্ৰী গৰাকীৰ সহমৰ্মিতা আছে ৷ তেওঁলোকক এটা আৰ্থিক সাহাৰ্য দিয়া হ’ব ৷ শিলসাঁকোৰ এহাজাৰ বিঘা ভূমিত ৰিজাৰ্ভাৰ বনোৱা হ’ব ৷ যি সকলৰ RCC ঘৰ ভঙা গৈছে তেওঁ লোকক দহ লাখ টকা আৰু আছাম টাইপ ঘৰ থকা লোক সকলক পাঁচ লাখ টকা ক্ষতিপূৰণ দিয়া হ’ব বুলি কয় জি এম ডি এৰ অধ্যক্ষ গৰাকীয়ে ৷ সাহাৰ্যৰ বাবে এখন শুদ্ধ তালিকা ইতিমধ্যে প্ৰস্তুত কৰি থকা হৈছে ৷ এইখিনি কৰোতে কিছু সময় লাগিব বুলি কয় তেওঁ ৷

লগতে পঢ়ক :Silsako Eviction: শিলসাঁকোৰ উচ্ছেদক লৈ আন্দোলন কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details