অসম

assam

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন চড়ক পূজা

By

Published : Apr 15, 2021, 5:41 PM IST

পুৰণি বিশ্বাস মতে, কলেৰা, বসন্ত আদি মহামাৰীয়ে যাতে ৰাইজৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে বাণৰজাই দেৱী আৰ্য্যা আৰু বৈশালীকো পূজা-অৰ্চনা কৰিছিল বুলি লোক প্ৰবাদ আছে ৷ এই পূজাত বিশেষকৈ এজন লোকৰ পিঠিত বৰশীৰে বিন্ধাই ওপৰত সাত পাক ঘূৰোৱাই হৈছে মূল আকৰ্ষণ ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ পালপাৰা আৰু বহলপুৰৰ বৰপাৰা প্ৰথম খণ্ডৰ মেস্ত্ৰীপাৰাত বিভিন্ন নীতি-নিয়মেৰে পূজা অৰ্চনা কৰি দিনযোৰা কাৰ্যসূচীৰে সমাপন কৰা হয় অতীজৰে পৰা প্ৰচলিত হৈ অহা চড়ক পূজা ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন চড়ক পূজা
ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন চড়ক পূজা

নিউজ ডেস্ক,15 এপ্ৰিল: ৰাজ্যৰ বহুকেইটা অঞ্চলত আয়োজন কৰা হৈছে এক ব্যতিক্ৰমী পূজা ৷ প্ৰতিবছৰৰ দৰে এইবেলিও জনীয়াৰ ছাপৰা গাঁৱত বঙালী সম্প্ৰদায়ৰ লোকসকলে অনুষ্ঠিত কৰিছে চড়ক পূজা ৷ ধৰ্মীয় ৰীতি-নীতি অনুসৰি চ'ত মাহৰ 23 তাৰিখৰ পৰা এই পূজাৰ নিয়ম আৰম্ভ হয় যদিও চ'ত মাহৰ শেষৰ দিনটোত অনুষ্ঠিত কৰা হয় মূল পূজাভাগ ৷ এটুকুৰা কাঠক মহাদেৱ বুলি গণ্য কৰি পূজা-অৰ্চনা কৰাৰ লগতে মানুহৰ ঘৰে ঘৰে গৈ সকলোৰে মংগল কামনা কৰে ৷

পুৰণি বিশ্বাস মতে, পুৰণি বিশ্বাস মতে, কলেৰা, বসন্ত আদি মহামাৰীয়ে যাতে ৰাইজৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে বাণৰজাই দেৱী আৰ্য্যা আৰু বৈশালীকো পূজা-অৰ্চনা কৰিছিল বুলি লোক প্ৰবাদ আছে ৷ এই পূজাত বিশেষকৈ এজন লোকৰ পিঠিত বৰশীৰে বিন্ধাই ওপৰত সাত পাক ঘূৰোৱাই হৈছে মূল আকৰ্ষণ ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ পালপাৰা আৰু বহলপুৰৰ বৰপাৰা প্ৰথম খণ্ডৰ মেস্ত্ৰীপাৰাত বিভিন্ন নীতি-নিয়মেৰে পূজা অৰ্চনা কৰি দিনযোৰা কাৰ্যসূচীৰে সমাপন কৰা হয় অতীজৰে পৰা প্ৰচলিত হৈ অহা চড়ক পূজা ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন চড়ক পূজা

উল্লেখ্য যে, জনশ্ৰুতি অনুসৰি চড়ক পূজাৰ দ্বাৰা বতাহ, ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাত, অশুভ অশান্তিৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি জানিব পৰা গৈছে । বিভিন্নধৰণৰ অলৌকিক, তান্ত্ৰিক পদ্ধতিৰে সমাপন কৰা হয় এই চড়ক পূজা । এই পূজাৰ আছে অবিশ্বাস্য, ভয়ংকৰ, দুঃসাহসিক নীতি-নিয়ম ৷ জ্বলন্ত অঙঠাৰ ওপৰেদি অনায়াসে খোজ কাঢ়িছে এই পূজাত অংশগ্ৰহণ কৰা লোকসকলে । জ্বলন্ত অঙঠা আৰু চোকা দাৰ ওপৰেৰে খোজকঢ়াৰ পিছতো সম্পূৰ্ণ সুস্থ হৈ আছে পূজাত অংশগ্ৰহণ কৰা লোকসকল । কেৱল এয়া নহয় বিভিন্ন মানুহক শৰীৰৰ ভিন্ন অংগত লোৰ শলা তথা ত্ৰিশূল আদিৰে বিন্ধোৱাৰ পিছতো সুস্থ হৈ আছে তেওঁলোক ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা বাক্সা জিলাৰ মূৰমেলা, বিশ্বনাথ , ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ 5 নং ৱাৰ্ডৰ ঘোষপাৰা কালী মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয় পৰম্পৰাগত চড়ক পূজা ৷

বিগত ৭০ বছৰ ধৰি বৰমাৰ সমীপৱৰ্তী মূৰমেলাত স্থানীয় ৰাইজে উৎযাপন কৰি আহিছে এই চড়ক পূজা । বিগত বৰ্ষত কৰ’ণা মহামাৰীৰ বাবেই পূজা অনুষ্ঠিত নহ'ল যদিও এইবাৰ পূৰ্বৰ ধাৰা অটুত ৰাখিয়েই এই পূজাভাগ অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে উৎযাপন সমিতিৰ উপদেষ্টা অজিত দাসে । আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো তন্ত্ৰ-মন্ত্ৰৰ প্ৰভাৱ পৰিলক্ষিত হয় । এই পূজাভাগ অতিকৈ অবিশ্বাস্য ,অবৰ্ণনীয় যদিও স্থানীয় লোকসকলে এই পূজাত সম্পূৰ্ণ বিশ্বাস তথা ভক্তিৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ পহিলা ব'হাগৰ দিনাই পিতৃ-মাতৃৰ সমাধিস্থলীত মূৰ দোৱালে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details