অসম

assam

ETV Bharat / state

ৰাজ্যৰ মুঠ ২৭,১৮৩ গৰাকী মেধাৱী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান - শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মেধাবী ছাত্ৰ-ছাত্ৰীসকলক এই বঁটা প্ৰদান‌ কৰে ৷

Anundoram Barooah Award 2023
মেধাৱী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 5:11 PM IST

আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

গুৱাহাটী, 29 নৱেম্বৰ : বুধবাৰে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75 শতাংশ বা ততোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মেধাবী ছাত্ৰ-ছাত্ৰীসকলক এই বঁটা প্ৰদান‌ কৰে ৷ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75 শতাংশ বা ততোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ৰাজ্যৰ মুঠ 27,183 গৰাকী মেধাৱী শিক্ষাৰ্থীলৈ আগবঢ়োৱা হৈছে এই আনন্দৰাম বৰুৱা বঁটা ৷

এই বঁটাৰ বাবে ৰাজ্য চৰকাৰে অনুমোদিত কৰা ধন ৰাশি হ'ল 40,77,45000 টকা ৷ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰে প্ৰতি বছৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি আহিছে ৷ আজি প্ৰতিখন জিলা সদৰতে এই অনুষ্ঠান হৈছে ৷

তেওঁ কয় যে 2005 চনত পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ উদ্যোগত এই বঁটা আৰম্ভ কৰা হৈছিল ৷ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান পোৱা মেধাবী ছাত্ৰ-ছাত্ৰীসকলক লেপটপ দিয়া হৈছিল ৷ তেওঁ কয় যে এই বঁটাৰ জৰিয়তে চাৰি লাখৰো অধিক ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কয় যে বঁটাৰ ধনৰাশি ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ নিৰ্দিষ্ট বেংক একাউণ্ট যোগে লাভ কৰিব ৷ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীকে ধৰি ৰাজ্য চৰকাৰৰ বহু কেইগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত আছিল ৷ উল্লেখ্য যে, এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক বঁটাৰ ধনৰাশি হিচাপে নগদ ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হয় ।

লগতে পঢ়ক :তিনিচুকীয়াত আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ কেন্দ্ৰীয় অনুষ্ঠান

ABOUT THE AUTHOR

...view details