গুৱাহাটী, ২৭ জানুৱাৰী : কে এল অ’ৰ (Kamatapur Libaration Army, KLO) সৈতে আৰম্ভ হ'বলগীয়া কেন্দ্ৰৰ শান্তি আলোচনা দীঘলীয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে (Central govt peace talk with KLO) । কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহই (KLO leader Jiban Sinha cease fire) শান্তি আলোচনাৰ পোষকতা কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ বাবে ম্যানমাৰস্থিত শিবিৰ এৰি ভাৰতৰ ভূমিত উপস্থিত হৈছেহি যদিও সংগঠনটোৰ আন বহুসংখ্যক নেতা আৰু কেডাৰ বৰ্তমানেও ম্যানমাৰস্থিত শিবিৰত আছে । যাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কেন্দ্রীয় চৰকাৰ (Jiban Sinha peace talk with central govt) ।
কেন্দ্ৰই বিচাৰিছে কে এল অ’ৰ সকলো নেতা-সদস্যই ম্যানমাৰ এৰি আহি শান্তি আলোচনাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক । কিন্তু ইয়াৰ বিপৰীতে কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহই মাত্র কেইজনমান সদস্যক লৈয়ে শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে (KLO India govt peace talk) । আনকি জীৱন সিংহই লগত কোনোধৰণৰ অস্ত্র-শস্ত্ৰও লৈ অহা নাই । জানিব পৰা মতে, সম্প্রতি ম্যানমাৰত থকা কে এল অ'ৰ সদস্যৰ সংখ্যা হ’ব প্রায় ৭০জন । তেওঁলোকে ম্যানমাৰৰ পৰাই আলোচনা প্ৰক্ৰিয়াৰ প্ৰতি সতর্ক দৃষ্টি ৰাখি আহিছে । নতুন দিল্লীৰ আলোচনা আৰু শান্তি প্রক্রিয়া সফল হ'লেহে সংগঠনটোৰ আন নেতা আৰু কেডাৰসকল ম্যানমাৰৰ শিবিৰ এৰি মূলসুঁতিলৈ উভতি আহিব ।
জানিব পৰা মতে, জীৱন সিংহই পৰিকল্পিতভাৱেই মাত্ৰ কেইজনমান নেতা আৰু কেডাৰক লৈ ম্যানমাৰৰ পৰা ওলাই আহিছে । কেন্দ্ৰীয় চৰকাৰক হেঁচাত ৰখাৰ বাবেই আলোচনাৰ পূর্বে এনে এক কৌশলী স্থিতি গ্ৰহণ কৰিছে সংগঠনটোৱে । এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ সৈতে অনুষ্ঠিত হ'বলগীয়া শান্তি আলোচনা কোন দিশে গতি কৰে সেয়া অত্যন্ত লক্ষণীয় হ'ব । ইফালে কে এল অ’ৰ সৈতে অনুষ্ঠিত হ’বলগীয়া শান্তি আলোচনা যে দীঘলীয়া হ’ব সেয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যৰ পৰাও স্পষ্ট হৈ পৰিছে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma reacts on KLO) ইতিমধ্যে সদৰী কৰা মতে, কে এল অ'ই দাবী কৰি অহা পৃথক কমতাপুৰৰ সন্দৰ্ভত কোনো কথাই তেওঁৰ জ্ঞাত নহয় । বৰং মুখ্যমন্ত্রীয়ে কমতাপুৰক লৈ সংবদ মাধ্যমেহে হৈ-চৈ কৰা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । মুখ্যমন্ত্ৰীয়ে প্রকাশ কৰা মতে, ইমান দিন বাহিৰত থকাৰ পাছত জীৱন সিংহ এতিয়া দেশলৈ আহিছে, তেওঁক জিৰণি ল'বলৈ দিয়ক । অসমখন চাবলৈ দিয়ক, বুজিবলৈ দিয়ক । আলোচনা কৰা মানুহ আছে, আলোচনা কৰি থাকিব । তেওঁৰ যি ৰাজনৈতিক দাবী আছে সেয়াও আলোচনাত উত্থাপন কৰিব । কেতিয়াবা চুক্তিও হ’ব (separate kamatapur state demand by KLO) ।
মুখ্যমন্ত্ৰীৰ এনে বক্তব্যৰ পৰাই স্পষ্ট হৈ পৰিছে শান্তি আলোচনা আৰম্ভ হ'লেও এই আলোচনা শেষ হ’বলৈ যে দীৰ্ঘসময়ৰ প্ৰয়োজন হ'ব । বৰ্তমান সময়ত জীৱন সিংহ অসম চৰকাৰৰ আতিথ্যত আছে । ইফালে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা কে এল অ’ৰ অন্যতম মধ্যস্থতাকাৰী বিশ্বজিৎ ৰায়ে জনোৱা মতে, কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে বিগত পাঁচ দশক ধৰি পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী কৰি আহিছে । কেন্দ্ৰীয় চৰকাৰৰে দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে সেই ৰাজ্যৰ দাবী কৰি আহিছে । এই সম্পৰ্কত তেওঁলোকে কেতিয়াও অসম চৰকাৰ নাইবা পশ্চিমবংগ চৰকাৰক এখনো স্মাৰক-পত্ৰ দিয়া নাই বুলি তেওঁ জানিবলৈ দিয়ে ।
উল্লেখ্য যে পৃথক কমতাপুৰ ৰাজ্য গঠন সম্পৰ্কত কে এল অ'ৰে অসম চৰকাৰৰ এতিয়ালৈ কোনো আলোচনা হোৱা নাই আৰু এই দাবী সম্পৰ্কত চৰকাৰক কোনেও একো জনোৱা নাই বুলি অলপতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলযোগে সদৰী কৰিছিল । এই সন্দৰ্ভত বিশ্বজিৎ ৰায়ে কয় যে বিষয়টো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিষয়, সেয়ে তেওঁলোকে অসম চৰকাৰ নাইবা পশ্চিমবংগ চৰকাৰৰ ওচৰত কমতাপুৰ ৰাজ্যৰ দাবী কৰা নাই । কেন্দ্ৰৰে দ্বিপাক্ষিক চুক্তিৰ জৰিয়তেহে তেওঁলোকে কমতাপুৰ ৰাজ্য গঠনৰ মীমাংসা কৰিব বিচাৰিছে । তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ আশ্বাস, প্ৰতিশ্ৰুতিৰ বাবেই কে এল অ’ৰ মুৰব্বী জীৱন সিংহ আলোচনালৈ আহিছে । কমতাপুৰ ৰাজ্যৰ বিষয়টো সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ বিষয় যদিও শান্তি আলোচনাৰ সমগ্ৰ প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া হোৱাটো নিশ্চিত ।
লগতে পঢ়ক :Flood in Assam : কেন্দ্ৰৰ পৰা বান সাহায্য আদায় কৰিবলৈ সক্ষম হ‘বনে ৰাজ্য চৰকাৰ ?