নিউজ ডেস্ক ,১৭ ডিচেম্বৰ : লোকসভা নিৰ্বাচন অহাৰ লগে লগে পুনৰ কমতাপুৰ ৰাজ্য আৰু কোচবিহাৰ ৰাজ্য গঠনৰ প্ৰসংগ আহিছে । পুনৰ অসমক বিভাজিত কৰি কমতাপুৰ ৰাজ্য গঠনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে (Centre plans to create separate Kamtapur state)। উত্তৰ বংগৰ লগতে গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী জিলাৰ এটা অংশ আৰু বিহাৰৰ দুখন জিলাক লৈ কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ ৰাজ্য গঠনৰো প্ৰস্তুতি চলাইছে ।
জানিব পৰা মতে ১৯ আৰু ২০ ডিচেম্বৰত কমতাপুৰ আৰু কোচবিহাৰ ৰাজ্য গঠনৰ দাবী কৰি অহা সংগঠনেৰে পুনৰ বৈঠকত বহিব কেন্দ্ৰীয় চৰকাৰ (Centre meeting about separate state)। লক্ষণীয়ভাৱে অসমক বিভাজিত কৰি নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰিবলৈ লোৱা কাৰ্যক লৈ অসমত যে তীব্ৰ আন্দোলন হ'ব তাৰ সম্ভাৱনা দেখা গৈছে ।
উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগক বিভাজন কৰি অসম আৰু বিহাৰৰ এটা অংশক লৈ কমতাপুৰ ৰাজ্য গঠনৰ বাবে তৎপৰ হৈ পৰিছে । যাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পৃথক ৰাজ্যৰ দাবী তোলা কমতাপুৰ প্ৰগ্ৰেচিভ পাৰ্টিৰ সৈতে কেইবাবাৰো বৈঠকত বহিছে । কমতাপুৰ প্ৰগ্ৰেচিভ পাৰ্টিয়ে বিচাৰিছে অসমৰ অবিভক্ত গোৱালপাৰাক কমতাপুৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰিব লাগে ।
কিন্তু এতিয়ালৈ কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সন্মত হোৱা নাই । কিয়নো অবিভক্ত গোৱালপাৰাত বৰ্তমান আছে গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ,চিৰাং আৰু দক্ষিণ শালমাৰা মানকাচাৰ জিলা । সেয়ে গোৱালাপাৰা, ধুবুৰী আৰু কোকৰাঝাৰৰ কিছু অংশহে প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে ।