গুৱাহাটী,১৮ ফেব্ৰুৱাৰী :দিল্লীয়ে অসমক বঞ্চনা কৰাটো নতুন কথা নহয় । বিভিন্ন ক্ষেত্রত দিল্লীয়ে অসমক বঞ্চিত কৰি আহিছে । বঞ্চনাৰ দীঘলীয়া ইতিহাস আছে অসমৰ । এই ইতিহাস বিজেপি চৰকাৰে সলনি কৰিব বুলি অসমৰ ৰাইজে আশা কৰিছিল । কিন্তু অসমৰ ৰাইজৰ আশা পূৰণ নহয় । দিল্লীৰ বঞ্চনাৰ পৰা মুক্ত নহ'ল অসমবাসী (Delhi deprives Assam)। বিজেপি চৰকাৰেও পূৰ্বৰ চৰকাৰৰ স্থিতিয়ে গ্ৰহণ কৰিলে ।
মাথো প্ৰতিক্ৰিয়া দিয়া বিজেপি চৰকাৰে বিভিন্ন ক্ষেত্রত অসমক বঞ্চিত কৰি আহিছে । শেহতীয়াকৈ 'প্রধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন' আঁচনিৰ ক্ষেত্রতো কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমক প্ৰতাৰণা কৰিলে (Ayushman Bharat Scheme)। আঁচনিখনত চৰকাৰে চলিত বিত্তীয় বৰ্ষত অসমক এটকাও নিদিয়াৰ তথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ ২৫ অক্টোবৰত প্ৰধানমন্ত্রী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন আঁচনিখনৰ শুভাৰম্ভ কৰিছিল ।
এই আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত দেশৰ বিভিন্ন ৰাজ্যত ১৭,৭৮৮ খন গ্ৰাম্য স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, ১১,০২৪ খন নগৰীয়া স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, ৩,৩৮২ টা খণ্ড ৰাজহুৱা স্বাস্থ্য ইউনিট প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাত সংহত ৰাজহুৱা স্বাস্থ্য পৰীক্ষাগাৰ আৰু ৬০২ খন ক্রিটিকেল কেয়াৰ হাস্পতাল ব্লক নিৰ্মাণৰ লক্ষ্য লৈছিল ।
ৰাজ্যসমূহৰ স্বাস্থ্য খণ্ডৰ এনে আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬৪,১৮০ কোটি টকা ধার্য কৰিছিল । এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষত ৫৭.৯০ কোটি টকা মুকলি কৰি দিয়ে যদিও চলিত বিত্তীয় বৰ্ষত অসমক আঁচনিখনৰ নামত এটকাও নিদিলে (BJP govt cheated Assam)।