গুৱাহাটী, ১৮ অক্টোবৰ: অসমসহ উত্তৰ-পূৰ্বাঞ্চলক 'অষ্টলক্ষ্মী' আখ্যা দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কিন্তু বাস্তৱত তেনে দৃষ্টিভংগীৰে কাম নকৰে । বিভিন্ন ক্ষেত্ৰত অসমক উপেক্ষা তথা বঞ্চিত কৰা পৰিলক্ষিত হয় । লক্ষণীয় বিষয় যে বান সাহায্যৰ নামত কেন্দ্ৰীয় চৰকাৰে অসমক চূড়ান্তভাৱে প্ৰতাৰণা কৰি আহিছে । প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন চৰকাৰৰ আমোলত বান-ভূমিস্খলন তথা প্ৰাকৃতিক দুৰ্যোগৰ নামত কেন্দ্ৰৰ পৰা পাবলগীয়া ধনৰ পৰা অসমক বঞ্চনা কৰাৰ স্বৰূপটো ৰাজ্য চৰকাৰৰ এখন পত্ৰৰ জৰিয়তে স্পষ্ট হৈ পৰিছে ।
ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ আয়ুক্ত সচিবে বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত কেন্দ্ৰলৈ বান আৰু ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগে বৰ্ষটোত ক্ষতিগ্ৰস্ত কৰাৰ কথা দোহাৰি আৰু আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় কমিটীৰ পৰামৰ্শৰ ভিত্তিত বান সাহায্য বিচাৰি কেন্দ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল । এই পত্ৰৰ যোগেদি ৰাজ্যচৰকাৰখনে বান আৰু ভূমিস্খলনত হোৱা ক্ষতিৰ পুনৰ সংস্থাপন আৰু আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজি হিচাবে ৩,০৭৩.৮৬ কোটি টকা বিচাৰিছিল ।
বান আৰু ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিক সকাহ দিয়াৰ বাবে বিচৰা এই ধনৰাশিৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিলে মাত্ৰ ২৫০ কোটি টকা । বান সাহায্যৰ নামত ৰাজ্য চৰকাৰে বিচৰা পুঁজিৰ বিপৰীতে প্ৰদান কৰা এই ২৫০ কোটি টকা আছিল এন ডি আৰ এফৰ শিতানৰ । কেন্দ্ৰীয় চৰকাৰে এই শিতানত প্ৰতি বছৰে অসমক ধন নিদিয়ে যদিও আন বহু ৰাজ্যই নিয়মিতভাৱে এন ডি আৰ এফৰ ধন পাই আহিছে ।
লক্ষণীয় বিষয় যে শেহতীয়া কেইটামান বছৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি (এছ ডি আৰ এফ)ৰ ধনো কৰ্তন কৰি অহা দেখা গৈছে । উল্লেখ্য যে ২০২২-২৩ বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ পৰা পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদন মৰ্মে এছ ডি আৰ এফৰ শিতানত ৬৪৮.৮০ কোটি টকা আৰু এন ডি আৰ এফৰ শিতানত ২৫০ কোটি টকা ৰাজ্য চৰকাৰলৈ মুকলি কৰি দিছিল । অর্থাৎ ৰাজ্য চৰকাৰে অতিৰিক্তকৈ ৩,০৭৩ কোটি টকা বিচাৰিছিল যদিও সেই প্ৰস্তাৱৰ ভিত্তিত এন ডি আৰ এফ শিতানৰ যোগেদি মাথোঁ ২৫০ কোটি টকা মোকলাই দিয়া হ'ল ।
স্মর্তব্য যে ২০২২-২৩ বৰ্ষত তিনিটা পৰ্যায়ত প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ লগতে কৃষি ক্ষেত্ৰৰ বিস্তৰ ক্ষতি কৰিছিল । এই লৈ কেন্দ্ৰীয় চৰকাৰে আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় গোট পঠিয়াই ৰাজ্যখনৰ বান পৰিস্থিতিৰ পর্যালোচনা কৰিছিল আৰু প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত পুঁজি মুকলি কৰি দিয়াৰ আশ্বাস দিছিল । স্মৰ্তব্য যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতিও দিছিল । সেই মৰ্মে ৰাজ্য চৰকাৰেও আশা কৰিছিল যে অন্ততঃ কেন্দ্ৰই বান সমস্যা সমাধানৰ বাবে যাৱতীয় পুঁজিৰ যোগান ধৰিব । কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল ।
উল্লেখ্য যে তথ্যমতে কেন্দ্ৰীয় চৰকাৰে সেই সময়ত প্ৰেৰণ কৰা কেন্দ্ৰীয় প্ৰতিনিধিৰ ওচৰত ৰাজ্য চৰকাৰে বছৰটোত বানৰ ক্ষতি পূৰণৰ বাবে ৪,৪১৬.৫৩ কোটি টকাৰ প্ৰয়োজন হ'ব বুলি স্মাৰকপত্ৰ প্ৰদান কৰিছিল । কিন্তু কেন্দ্ৰীয় প্ৰতিনিধিৰ গোটটোৱে সকলো দিশ পর্যালোচনা কৰি ইয়াৰ বাবে ৩,০৭৩.৮৬ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি পৰামৰ্শ প্ৰদান কৰাৰ লগতে উক্ত পুঁজিৰ বিপৰীতে অনুদান দিবলৈ অনুমোদন জনায় । সেই অনুসৰিয়েই ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিবৰ পত্ৰযোগে তৎকালীনভাৱে ৩,০৭৩.৮৬ কোটি টকা মোকলাই দিবলৈ অনুৰোধ জনায় । কিন্তু আজিপর্যন্ত সেই পত্ৰৰ কোনো গ্ৰহণযোগ্য উত্তৰ ৰাজ্য চৰকাৰলৈ নাহিল । ৰাজ্য চৰকাৰক প্ৰয়োজন হোৱা ৩,০৭৩ কোটি টকাৰ বিপৰীতে প্ৰদান কৰিলে দিলে মাত্ৰ ২৫০ কোটি টকা ।