অসম

assam

ETV Bharat / state

গুৱাহাটীত স্মৃতি ইৰাণী - GUWAHAT8I

মোডী মন্ত্ৰীসভাত দ্বিতীয়বাৰৰ বাবে মন্ত্ৰীত্ব লাভৰ পাচতে মঙলবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকী মন্ত্ৰী-আমোলাৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ অসম ভ্ৰমণ

By

Published : Jun 11, 2019, 6:35 PM IST

গুৱাহাটী, 11 জুন : কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ অসম ভ্ৰমণ ৷ কেন্দ্ৰীয় মন্ত্ৰীসভাত দ্বিতীয়বাৰৰ বাবে মন্ত্ৰিত্ব লাভৰ পাচতে মঙলবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে ব্ৰহ্মপুত্ৰ অতিথিশালাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকী মন্ত্ৰী-আমোলাৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী । ব্ৰহ্মপুত্ৰ অতিথিশালাত মুখ্যমন্ত্ৰীয়ে আদৰণি জনোৱাৰ পাচত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমাজ কল্যাণ, হস্ততাঁত-বস্ত্ৰ আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী-আমোলাৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয় ।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ অসম ভ্ৰমণ

ৰাজ্যত পোষণ আৰু মাতৃ বন্দনা অভিযান আঁচনিৰ কাম লেহেমীয়া হোৱাৰ বাবে এই আঁচনি সম্পৰ্কতো পৰ্যালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ৰাজ্যত পোষণ আঁচনি মাত্ৰ ৫ শতাংশহে ৰূপায়ণ হৈছে সেয়েহে অহা ১১ মাহৰ ভিতৰত আঁচনিসমূহ ৰূপায়ণত কৰি লক্ষ্যত উপনীত হ'বলৈ সমাজ কল্যান বিভাগকক নিৰ্দেশ প্ৰদান কৰে স্মৃতি ইৰাণীয়ে ।ইপিনে এই বৈঠকৰ পাচতে সমাজ কল্যাণ বিভাগত পূৰ্বে সংঘটিত হোৱা কিছুমান দুৰ্নীতিৰ তদন্ত চলি থকাৰ বাবে এই আঁচনিসমূহ ৰূপায়ণত কিছু সময় লাগিছে বুলি সংবাদমেলযোগে উল্লেখ কৰে ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

লগতে পঢ়ক - খহনীয়াৰ বুজ ল'বলৈ লাহৰীঘাটত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details