অসম

assam

ETV Bharat / state

অসমলৈ সোঁত ববলৈ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাৰ

অসমলৈ ৰাষ্ট্ৰীয় নেতাৰ সোঁত ববলৈ আৰম্ভ । ১২ মাৰ্চৰ পিছৰ পৰা একপ্ৰকাৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাৰে অসম ভৰি পৰিব । বিজেপিৰ হৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, ৰবিশংকৰ প্ৰসাদ আদি হাই প্ৰফাইল নেতা ।

By

Published : Mar 1, 2021, 6:27 PM IST

অসমলৈ সোঁত ববলৈ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাৰ
অসমলৈ সোঁত ববলৈ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাৰ

গুৱাহাটী, ১ মাৰ্চ: অসমলৈ ৰাষ্ট্ৰীয় নেতাৰ সোঁত ববলৈ আৰম্ভ হৈছে । কি শাসক, কি বিৰোধী উভয় পক্ষৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাৰে দুই এদিনতে অসম গিজগিজাবলৈ আৰম্ভ কৰিব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া উত্তৰ অসম আৰু উজনি অসমৰ বিভিন্ন সমষ্টিত এইসকল নেতাই ভাগ ল'ব নিৰ্বাচনী সভাত । গতিকে ১২ মাৰ্চৰ পিছৰ পৰা একপ্ৰকাৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাৰে অসম ভৰি পৰিব বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব ।

ৰাজনাথ সিং

বিজেপিৰ হৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ আহিবলগীয়া হাই প্ৰফাইল নেতাসকলৰ ভিতৰত আছে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, ৰবিশংকৰ প্ৰসাদ আদি । ৰাজ্যিক বিজেপিৰ এক কৰ্তৃত্বশীল সূত্ৰই সোমবাৰে ই টিভি ভাৰতক জানিবলৈ দিয়ে এই কথা । অৱশ্যে, এইসকলৰ অধিকাংশই আহিব ১২ মাৰ্চৰ পিছত । কেৱল শাসক দলেই নহয়, বিৰোধী কংগ্ৰেছ দলো পিছপৰি ৰোৱা নাই এই ক্ষেত্ৰত ।

নিৰ্মলা সীতাৰমণ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অসমত কংগ্ৰেছৰ উদ্যোগত গঠন হোৱা মহাজোঁটৰ হৈ প্ৰচাৰ চলাবলৈ আহিব নৱজোৎ সিং সিদ্ধু, কানহাইয়া কুমাৰ, গোলাম নবী আজাদ, তেজস্বী যাদবকে ধৰি বহুকেইগৰাকী ৰাষ্ট্ৰীয় নেতা । প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই সোমবাৰে সদৰী কৰিছে এই কথা ।

লগতে পঢ়ক:ধেমাজি জিলা বিজেপিত ন-পুৰণিৰ সংঘাত

ABOUT THE AUTHOR

...view details