গুৱাহাটী,৩০ মাৰ্চ : ৰাজ্যসভাৰ দুখন আসনৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব নিৰ্বাচন(Rajya Sabha election 2022) । ইয়াৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে অসম বিধানসভাৰ চেণ্ট্ৰেল হল(Central hall of Assam assembly ready for Rajya Sabha election) । বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ দুয়োখন আসনৰ নিৰ্বাচন ।
উল্লেখ্য যে, ৯ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ভোটগ্ৰহণ সমাপ্ত হ'ব বিয়লি ৪ বজাত । সেইদৰে বিয়লি ৫ বজাত আৰম্ভ হ'ব ভোটগণনা । ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাৰ্থী তিনিগৰাকী । উল্লেখনীয় বিষয় এয়ে যে, প্ৰথমখন আসনত শাসকীয় দলৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় একপ্ৰকাৰে নিশ্চিত হৈ পৰিছে । কিন্তু দ্বিতীয়খন আসনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাৰ মাজত যুঁজ তীব্ৰতৰ হ'ব বুলি এক প্ৰকাৰে ধাৰণা কৰা হৈছে ।
সংখ্যাৰ ফালৰ পৰা দ্বিতীয়খন আসনত বিজেপি মিত্রজোঁট জয়ী হ'ব নোৱাৰে যদিও বিজেপিয়ে দুয়োখন আসনত জয়লাভ কৰিব বুলি ইতিমধ্যে দাবী কৰিছে । ইফালে, দ্বিতীয়খন আসনত সংখ্যাৰ ফালৰ পৰা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা আছে যদিও বিৰোধীৰ ঐক্যত আউল লগাত সমীকৰণ সলনি হোৱাৰ আশংকা আছে । ইফালে ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যৰ ৰাজনীতিত । দ্বিতীয়খন আসনৰ বাবে শাসক-বিৰোধীৰ মাজত ৰাজনৈতিক যুঁজ ক্ৰমান্বৰে আকৰ্ষণীয় হৈ পৰিছে ।
লক্ষণীয় বিষয় এয়ে যে, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই জয়লাভ কৰিব বুলি দুদিন আগলৈকে আত্মবিশ্বাসী হৈ আছিল যদিও এতিয়া সলনি হৈছে দৃশ্যপট । বিশেষকৈ মঙলবাৰে নিশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেলৰ(APCC president Press meet) জৰিয়তে উন্মোচন কৰে বহুকেইটা শেহতীয়া ৰাজনৈতিক দৃশ্য । এই সংবাদমেলৰ জৰিয়তে বিজেপিৰ ওচৰত এ আই ইউ ডি এফৰ ৫ গৰাকীকৈ বিধায়ক বিক্ৰী গৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সভাপতি ভূপেন বৰাই ।