অসম

assam

ETV Bharat / state

বান-খহনীয়াত ক্ষতিৰ হিচাপ ল'বলৈ গুৱাহাটীত কেন্দ্ৰীয় দল

বান আৰু ভূমিস্খলনৰ ক্ষতিৰ মূল্যায়ন কৰিবলৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল ৷ দলটোৰ সদস্যসকল দুটা গোটত বিভক্ত হৈ শুক্ৰবাৰৰ পৰা বান প্ৰভাৱিত জিলাবোৰ ভ্ৰমণ কৰিব । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে যোৱা 24 ঘণ্টাত বানপানীত ৰাজ্যত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু এতিয়ালৈকে বানপানীৰ প্ৰথম পৰ্যায়ত মুঠ 30 জন লোক মৃত্যুমুখত পৰিছে ৷

central govt team visit assam for flood survey
বান-খহনীয়াত ক্ষতিৰ হিচাপ ল'বলৈ গুৱাহাটীত কেন্দ্ৰীয় দল

By

Published : May 26, 2022, 10:10 PM IST

গুৱাহাটী, 26 মে': ৰাজ্যত শেহতীয়াকৈ হোৱা বান আৰু ভূমিস্খলনৰ ক্ষতি মূল্যায়নৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল (আইএমচিটি) এটা বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় । কেন্দ্ৰীয় দলটোৱে ৰাজহ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ।

বান আৰু ভূমিস্খলনত হোৱা ক্ষতিৰ মূল্যায়ন কৰিবলৈ কেন্দ্ৰীয় দলটোৰ সদস্যসকল দুটা গোটত বিভক্ত হৈ শুক্ৰবাৰৰ পৰা বান প্ৰভাৱিত জিলাবোৰ ভ্ৰমণ কৰিব । ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়া ৰৱিনেশ কুমাৰ, বিত্ত মন্ত্ৰালয়ৰ সহকাৰী সঞ্চালক অঞ্জলি মৌৰ্য, পথ পৰিবহণ মন্ত্ৰালয়ৰ আঞ্চলিক বিষয়া এল্ডবাৰ্ট চুংগী আৰু আই এ এছ বিষয়া পি বিজয় ভাস্কৰ ৰেড্ডীৰ নেতৃত্বত গঠিত এটা দলে 27 আৰু 28 মে'ত কাছাৰ আৰু ডিমা হাছাও জিলা পৰিদৰ্শন কৰিব ।

বান-খহনীয়াত ক্ষতিৰ হিচাপ ল'বলৈ গুৱাহাটীত কেন্দ্ৰীয় দল

ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ অৱৰ সচিব কৈলাশ ছাংক্লা, কৃষি মন্ত্ৰালয়ৰ যুটীয়া সঞ্চালক জিন্টু দাস, জল শক্তি মন্ত্ৰণালয়ৰ অধীক্ষক অভিযন্তা অজয় কুমাৰ সিনহাৰ নেতৃত্বত গঠিত আনটো দলে 27 আৰু 28 মে'ত দৰং, নগাঁও আৰু হোজাই জিলা পৰিদৰ্শন কৰিব ।

উল্লেখ্য যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে যোৱা 24 ঘণ্টাত বানপানীত ৰাজ্যত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু এতিয়ালৈকে বানপানীৰ প্ৰথম পৰ্যায়ত মুঠ 30 জন লোক মৃত্যুমুখত পৰিছে (বানপানীত 25আৰু ভূমিস্খলনত 5)।

যোৱা 24 ঘণ্টাত বানপানীত ক্ষতিগ্ৰস্ত 12 খন জিলাৰ 956 খন গাঁৱৰ মুঠ 5,61,149 লোক ক্ষতিগ্ৰস্ত হৈছে । যোৱা 24 ঘণ্টাত বানপানীত মুঠ 47,139.12 হেক্টৰ শস্য ভূমি ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক:Yasin Malik in Tihar : তিহাৰৰ 7 নং কাৰাগাৰত অকলশৰে থাকিব য়াছিন মালিক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details