গুৱাহাটী, ২ ছেপ্টেম্বৰ: নিৰ্ধাৰিত সময়ৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো ইউনিটৰ উৎপাদন আৰম্ভ কৰিব নোৱাৰাক লৈ উদ্বিগ্নতা ব্যক্ত কৰিছে কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে(Power minister R K Singh)৷ শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ(NHPC Lower Subansiri Dam) অগ্ৰগতিৰ বুজ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যিমান পাৰি সিমান সোনকালে প্ৰকল্পটোৰ কাম সমাপ্ত কৰাৰ বাবে এন এইচ পি চিক নিৰ্দেশ দিছে ।
জলবিদ্যুৎ প্ৰকল্পটোৰ ৰূপায়ণকাৰী প্ৰতিষ্ঠান এন এইচ পি চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ উপস্থিতিত অনুষ্ঠিত এই পর্যালোচনা বৈঠকত মন্ত্ৰীজনে প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ বুজ লোৱাৰ লগতে খোদ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকল্পটোৰ কাম যিমান পাৰি সিমান সোনকালে সমাপ্ত কৰাত গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰে । মন কৰিবলগীয়া কথা যে দুই হাজাৰ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰথমটো ইউনিটৰ উৎপাদন চলিত আগষ্ট মাহতে আৰম্ভ কৰাৰ কথা আছিল । কিন্তু কাৰিকৰী কাৰণত এন এইচ পি চিয়ে নিৰ্ধাৰিত সময়ত প্ৰকল্পটোৰ প্ৰথমটো ইউনিট উৎপাদনৰ বাবে সাজু কৰি উলিয়াব নোৱাৰিলে ।
এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ দিল্লীত পর্যালোচনা বৈঠক অনুষ্ঠিত কৰা কাৰ্য বিশেষ লক্ষণীয় হৈ পৰিছে । শক্তি বিভাগৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসত প্ৰকল্পটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিবলৈ খুজিছিল । সেয়েহে প্ৰকল্পটোৰ উৎপাদন আগষ্ট মাহত আৰম্ভ কৰাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিশেষভাৱে গুৰুত্ব দিছিল ।
কিন্তু উক্ত সময়ৰ ভিতৰত প্ৰকল্পটোৰ কাম সমাপ্ত নোহোৱাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েও এতিয়া শক্তি বিভাগৰ পৰা তথ্য বিচাৰিছে । যাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে প্ৰকল্পটোৰ অগ্ৰগতিৰ সন্দৰ্ভত এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি যিমান পাৰি সিমান সোনকালে প্ৰকল্পটোৰ কাম সমাপ্ত কৰাত গুৰুত্ব দিছে । যাৰ পৰিপ্ৰেক্ষিতত এন এইচ পি চিয়ে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ।
এন এইচ পি চিৰ সূত্ৰই জনোৱা মতে গেৰুকামুখত নির্মীয়মাণ ২০০০ মেগাৱাটসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । প্ৰকল্পটোৰ পৰা এন এইচ পি চিয়ে ২০২৩ বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা প্ৰথমে ৫০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । ইতিমধ্যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰায়বোৰ কামেই সম্পূৰ্ণ হৈ উঠিছে । ১১৬ মিটাৰ উচ্চতাৰ মূল বান্ধৰ কাম এতিয়া প্ৰায় ১০০ মিটাৰ সম্পূৰ্ণ হৈ উঠাৰ লগতে পাৱাৰ হাউছৰ কাম সম্পূৰ্ণ হৈ উঠিছে ।
মূল বান্ধৰ কাম ৯০ শতাংশৰো অধিক সম্পূৰ্ণ হোৱাৰ বিপৰীতে বাকী থকা প্ৰায় ১০ শতাংশ কাম এন এইচ পি চিয়ে চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ইতিমধ্যে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে প্ৰকল্পটোৰ মুঠ ৮ টা ইউনিটৰে দুটা ইউনিট সম্পূৰ্ণ হৈ উঠিছে । অসমৰ ধেমাজি জিলাৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মীয়মাণ এই প্ৰকল্পটোৰ সম্পূৰ্ণ হৈ উঠিলেও অসমে ইয়াৰ পৰা অতি ক্ষুদ্ৰ অংশহে বিদ্যুৎ শক্তি লাভ কৰাৰ বিপৰীতে গৰিষ্ঠসংখ্যক বিদ্যুৎ শক্তি লাভ কৰিব চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে ।
পৰিতাপৰ কথা যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে অদূৰ ভৱিষ্যতে লখিমপুৰ, ধেমাজি আৰু মাজুলীত বৃহৎ ক্ষতি কৰাৰ সম্ভাৱনাই অধিক বুলি সকলোৱে ব্যক্ত কৰিছে । তেনেস্থলত অসমে মাত্ৰ কেই ইউনিটমানহে প্ৰকল্পটোৰ পৰা বিদ্যুৎ শক্তি লাভ কৰাটো অতি দুর্ভাগ্যজনক কার্য হিচাপে বিবেচিত হৈছে । লক্ষ্যণীয় যে জলবোমাসদৃশ এই বৃহৎ নদীবান্ধ প্ৰকল্পটো বন্ধ কৰাৰ বাবে ৰাজ্যৰ লগতে লখিমপুৰ, ধেমাজি, মাজুলীৰ বিভিন্ন দল-সংগঠনে এটা সময়ত তীব্ৰ প্ৰতিবাদ জনাই আহিছে । দল-সংগঠনৰ প্ৰতিবাদ আৰু বিশেষজ্ঞৰ মতামতক মষিমূৰ কৰি এতিয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰকল্পটো সম্পূৰ্ণ কৰি তোলাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰি আহিছে ।