গুৱাহাটী, ৭ জানুৱাৰী : "নমামি ব্ৰহ্মপুত্ৰ" আৰু "নমামি বৰাক" অনুষ্ঠিত কৰি ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰাৰ পিচত এইবাৰ চৰকাৰ সাজু হৈছে বিশাল ব্ৰহ্মপুত্ৰৰ নামত আন এক বিশাল উৎসৱ পাতিবলৈ । অৱশ্যে এইবাৰ এই উৎসৱ ৰাজ্য চৰকাৰৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰেহে আয়োজন কৰিছে এই অনুষ্ঠান । নাম দিয়া হৈছে "ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ" ।
ইটিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰণালয়ৰ উদ্যোগত আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী (এন ডি আৰ এফ) ৰ সহযোগত ব্ৰহ্মপুত্ৰৰ খ্যাতি, মাহাত্ম্য কেউদিশে বিয়পাই দিয়াৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে । ৯ জানুৱাৰীত তেজপুৰত আৰম্ভ হ’বলগীয়া এই উৎসৱ ২১ জানুৱাৰীত দক্ষিণ শালমাৰাত সামৰণি পৰিব ।