অসম

assam

ETV Bharat / state

ৰাজ্যত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে 1338.61 কোটি টকাৰ অনুমোদন - ৰাষ্ট্ৰীয় ঘাইপথ

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ-17 ৰ সম্প্ৰসাৰণৰ বাবে 1338.61 কোটি টকাৰ আবণ্টনত অনুমোদন জনাইছে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে ৷ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শুকুৰবাৰে এক্সৰ জৰিয়তে এই কথা ঘোষণা কৰে ৷

Widening of NH17 into a 4lane road
17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 6:38 PM IST

গুৱাহাটী, 25 নৱেম্বৰ : অসমৰ আন্তঃগাঁথনিৰ গুৰুত্বপূৰ্ণ উন্নয়নৰ উদ্দেশ্যৰে পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ-17 ৰ সম্প্ৰসাৰণৰ বাবে 1338.61 কোটি টকাৰ আবণ্টনত অনুমোদন জনাইছে ৷ দেশৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শুকুৰবাৰে এক্স (টুইটাৰ) ৰ জৰিয়তে এই কথা ঘোষণা কৰে ৷

গাডকাৰীয়ে এক্সত কয় "অসমৰ মোৱাটাৰীৰ ওচৰৰ পৰা চাপৰ বাইপাছৰ পৰা বিলাসীপাৰা-গুৱাহাটী কৰিড’ৰৰ পৰা তুলুঙীয়া অংশলৈকে বিস্তৃত হৈ থকা 17 নং ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত পথলৈ সম্প্ৰসাৰণ কৰাৰ বাবে 1338.61 কোটি টকাৰ আৱণ্টনত অনুমোদন কৰা হৈছে ৷ মুঠ 26.82 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটো পেকেজ 2ৰ অধীনত পৰে ৷ এই পথ বৰ্ধনৰ লক্ষ্য হৈছে বিলাসীপাৰা আৰু তুলুঙিয়াৰ মাজত সংযোগ বৃদ্ধি কৰা আৰু বিলাসীপাৰা-গুৱাহাটী কৰিড’ৰৰ এক অবিচ্ছেদ্য অংশ গঠন কৰা ৷ মেঘালয় আৰু পশ্চিম বংগৰ দৰে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সংযোগ বৃদ্ধি কৰি ৰাষ্ট্ৰীয় ঘাইপথ-27ৰ লগত সংযোগৰ জৰিয়তে পশ্চিম অসম আৰু মধ্য অসমলৈ উন্নত যতায়তৰ সুবিধা প্ৰদান কৰিব ৷"

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক্সত কয় "প্ৰধানমন্ত্ৰী আৰু পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ মন্ত্ৰীৰ প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা ৷ আমাৰ অঞ্চলৰ ওপৰত আপোনাৰ নিৰন্তৰ মনোযোগ 2014 চনৰ পৰা সমগ্ৰ উত্তৰ-পূবৰ বাবে 3 লাখ কোটি টকাৰ অভিলেখ পৰিমাণৰ আন্তঃগাঁথনি প্ৰকল্পলৈ বিকশিত হৈছে ৷ এই গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ অনুমোদিত হোৱাৰ লগে লগে ই আমাক অসমক শ্ৰেষ্ঠ শ্ৰেণীৰ পথ প্ৰদান কৰাৰ আমাৰ লক্ষ্যৰ ওচৰলৈ লৈ যাব ৷"

উল্লেখ্য যে এই 17 নং ৰাষ্ট্ৰীয় ঘাইপথ পশ্চিম বংগ হৈ ধুবুৰী, উত্তৰ শালমাৰা, বঙাইগাঁও, গোৱালপাৰা, বকো হৈ গুৱাহাটী আৰু মেঘালয় সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন হৈ আছে ৷ লক্ষণীয় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ 17 নং ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেন যুক্তকৈ নিৰ্মাণ কৰাৰ‌ বাবে কাম আৰম্ভ কৰিছে ৷ ইয়াৰ‌ বাবে প্ৰায় 26 হাজাৰ‌ গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ গছ কটাৰ বিৰূদ্ধে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশকৰণে গ্ৰহণ এটা গোচৰৰ শুনানী অহা 10 জানুৱাৰীত হ'ব ৷ ইয়াকে লৈ এতিয়া এই পথছোৱাৰ নিৰ্মাণ কাৰ্যত কিছু যতি পৰিছে ৷

লগতে পঢ়ক :স্বাধীনতা সংগ্ৰামী বিজয় চন্দ্ৰ ভাগৱতীৰ নামত উৎসৰ্গিত হ’ল পথ

ABOUT THE AUTHOR

...view details