অসম

assam

ETV Bharat / state

তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান - তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান

গণৰাজ্য দিৱসৰ প্ৰাক্ ক্ষণত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰাপকৰ নামৰ তালিকা ৷ চলিত বৰ্ষত মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান প্ৰদান কৰা হ’ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৷

as_ghy_central-government-announces-posthumously-padmabhsan-to-late-tarun-gogoi_7206058
তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান

By

Published : Jan 25, 2021, 10:31 PM IST

গুৱাহাটী,25 জানুৱাৰী : গণৰাজ্য দিৱসৰ প্ৰাক্ মূহুৰ্তত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে মুকলি কৰিছে দেশৰ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰাপক সকলৰ নামৰ তালিকা ৷ চলিত বৰ্ষত মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান প্ৰদান কৰা হ’ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৷ ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা আঠগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ব পদ্মশ্ৰী সন্মান ৷

তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান

উল্লেখ্য যে, চলিত বৰ্ষত সমাজ সেৱাৰ বাবে পদ্মশ্ৰী লাভ কৰিছে লখিমী বৰুৱা, বিৰুবালা ৰাভাই ৷ আনহাতে, কলা-সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিছে দুলাল মানকী, গোপীৰাম বৰগায়ন বুঢ়াভকতে ৷

পদ্মশ্ৰী বঁটা প্ৰাপকৰ নামৰ তালিকা

সমান্তৰালকৈ শিক্ষা আৰু সাহিত্য ক্ষেত্ৰত পদ্মশ্ৰী লাভ কৰিছে মংগল সিং হাজৱাৰী, আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহে ৷ জনসম্পৰ্কৰ বাবে পদশ্মী লাভ কৰিছে, বিজয়া চক্ৰৱৰ্তীয়ে ৷

পদ্মশ্ৰী বঁটা প্ৰাপকৰ নামৰ তালিকা

একেদৰে শিক্ষা আৰু সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনত আগবঢ়োৱা অবদানৰ বাবে পদ্মশ্ৰী লাভ কৰিছে ৰোমান শৰ্মাই ৷

পদ্মশ্ৰী বঁটা প্ৰাপকৰ নামৰ তালিকা

লগতে পঢ়ক-কোনে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা !

ABOUT THE AUTHOR

...view details