গুৱাহাটী, ২৯ মে’ : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ নৱম বর্ষপূর্তি উপলক্ষে সোমবাৰে দেশজুৰি বিভিন্ন ৰাজ্যত বিজেপিৰ ৰাজ্যিক কমিটীসমূহৰ উদ্যোগত সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় । ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীৰ হোটেল ভিভান্টাত সাংবাদিকৰ সৈতে মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ সৈতে মত বিনিময় কৰে । এই অনুষ্ঠানত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ মানুহক পূৰ্বতে অৰ্থাৎ কংগ্ৰেছৰ শাসনত ভোটবেংকৰ ৰাজনীতিৰে চোৱা হৈছিল ।
২০১৪ চনৰ পিচত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিচত কেন্দ্ৰৰ এই মানসিকতাৰ সলনি হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনীতিক সেৱালৈ পৰৱৰ্তী কৰিলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড ভেকচিন, শৌচালয় নিৰ্মাণ, জলজীৱন মিছন, উজ্বলা আঁচনি, জন ঔষধি আঁচনিৰ জৰিয়তে দেশৰ মাননুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।
ৰে’লমন্ত্ৰীগৰাকীয়ে কয়, ‘‘গুৱাহাটী ৰে’ল ষ্টেচনক জাপানৰ নিচিনা বিশ্বমানৰ ৰে’ল ষ্টেচন হিচাপে নিৰ্মাণ কৰা হ’ব । লগতে উত্তৰ-পূৰ্বাঞ্চলত ৫৯ টা বিশ্বমানৰ ৰে’ল ষ্টেচন নিৰ্মাণ কৰা হ’ব (59 Railway Stations of Northeast to Be Made World Class) । ইয়াৰে অসমত ৪৯ টা বিশ্বমানৰ ৰে’ল ষ্টেচন নিৰ্মাণ কৰা হ'ব’’ । ইপিনে অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নটা বছৰৰ কামৰ উপলব্ধিৰ আলোচনা কৰে ।