গুৱাহাটী,১০ আগষ্ট: দিল্লীয়ে অসমক প্ৰৱঞ্চনা কৰাটো নতুন কথা নহয় যদিও দিল্লী আৰু দিছপুৰত একেটা দলৰে চৰকাৰ থকাৰ পাছতো প্ৰাপ্তৰ পৰা বঞ্চিত হোৱাটো চৰম পৰিতাপৰ বিষয় । দিল্লীত বিজেপিৰ চৰকাৰ হোৱাৰ পাছত অসমৰ ৰাইজে বহু আশাৰে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন আঁতৰাই বিজেপিক দায়িত্বভাৰ দিছিল । বিজেপি চৰকাৰেও বহু প্ৰতিশ্ৰুতি দিছিল অসমৰ ৰাইজক ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দি উন্নয়নৰ বহু প্ৰতিশ্ৰুতি দিছিল । কিন্তু তাৰ পাছতো অসমৰ ৰাইজে আশা কৰা ধৰণে ফল লাভ কৰা নাই তথা চৰকাৰেও প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা নাই । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে অসমক বিভিন্ন ক্ষেত্ৰত বঞ্চিত কৰি আহিছে । বিভিন্ন শিতানত পুঁজি দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰই সদায়ে কৃপণালি কৰি আহিছে । এইখিনিতে উল্লেখ কৰিব পাৰি এম জি এনৰেগা আঁচনিৰ কথা ।
এই আঁচনিখনৰ ক্ষেত্ৰত আৱণ্টিত পুঁজিৰ পৰিমাণ ক্ৰমাৎ কমি আহিছে (Centre depriving Assam of MGNREGA funds) । চৰকাৰী তথ্য মতে, ২০২০-২১ চনত এম জি এনৰেগাৰ বাবে কেন্দ্ৰই অসমক ২৬০২.৩৩৪৬ কোটি টকা মোকলাই দিছিল । ইয়াৰ বিপৰীতে ২০২১-২২ চনত মোকলাই দিছে ২২২০.২৬০১ কোটি টকা । আনহাতে চলিত বিত্তীয় বৰ্ষত ২৮ জুলাইলৈ মোকলাই দিছে ৮৯৪.৩৩৩৭ কোটি টকা (Center releases over ৮৯৪.৩৩৩৭ crore for MGNREGA) । অৰ্থাৎ পুঁজিৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস কৰা হৈছে । দিল্লী আৰু দিছপুৰত বিজেপিৰ চৰকাৰ থকাৰ পাছতো এনেদৰে অসম বঞ্চিত হ'বলগীয়া হৈছে ।
ইফালে ক'ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰত ৰাজ্যৰ লাখ লাখ লোক কৰ্মসংস্থাপনহীন হৈ পৰাৰ লগতে বহু লোকে কৰ্মৰ পথ সলনি কৰিবলগীয়া হৈছে । আচলতে ক'ভিডকালীন পৰিস্থিতিত কৰ্মহীন হৈ পৰা লোকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে এম জি এনৰেগাৰ যোগেদি অধিক ৰোজগাৰৰ ব্যৱস্থা কৰিব লাগিছিল । পিছে কেন্দ্ৰই এম জি এনৰেগাৰ ক্ষেত্ৰত পুঁজিৰ পৰিমাণ বৃদ্ধি কৰাৰ বিপৰীতে হ্ৰাসহে কৰিছে । ক'ভিডকালীন পৰিস্থিতিৰ পৰা এতিয়াও বহু লোকে মূৰ দাঙি উঠিব পৰা নাই ।