গুৱাহাটী, 27 ফেব্ৰুৱাৰী :ৰাজ্যৰ শিক্ষামহলত লাগিছে জগৰ, ছেবাৰ অধীনত থকা 131 খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে (SEBA revokes recognition of 131 schools) ৷ স্বীকৃতি বাতিলৰ পিছতেই ৰাজ্যত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ বিগত 14 ফেব্ৰুৱাৰীত ছেবাৰ দ্বাৰা জাৰি কৰা এক জাননী মৰ্মে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি বেয়া ফলাফল প্ৰৰ্দশন কৰি অহা 107 খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে ।
ইয়াৰ পিছত পুনৰ সোমাবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি বেয়া ফলাফল প্ৰৰ্দশন কৰি অহা 24 খন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে । এই কথা সোমবাৰে ই টি ভি ভাৰতৰ সাংবাদিকৰ সৈতে ফোনেৰে হোৱা কথা বতৰাত ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে জনাইছে ।
উল্লেখ্য যে, যোৱা 14 ফেব্ৰুৱাৰীত ছেবাৰ দ্বাৰা জাৰি কৰা জাননীখনত উল্লেখ কৰা মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্যৰ পৰা ১০% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা 294 বিদ্যালয় ছেবাই চিহ্নিত কৰিছিল । তাৰ পিছত বিগত বছৰ 28 জুন আৰু 11 জুলাইত এই 294 বিদ্যালয়লৈ ছেবাই কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল । ইয়াৰে 187 খন বিদ্যালয়ে ছেবাৰ জাননীৰ প্ৰতি সঁহাৰি দি উত্তৰ দিছিল । কিন্তু বাকী 107 খন বিদ্যালয়ে ছেবাৰ জাননীৰ প্ৰতি কোনো সহাঁৰি দিয়া নাছিল । যাৰ পৰিপ্ৰেক্ষিতত যোৱা 14 জানুৱাৰীত ছেবাই জাননী যোগে অহা 31 মাৰ্চত কাৰ্যকৰী হোৱাকৈ 107 খন বিদ্যালয়ৰ ছেবাৰ স্বীকৃতি বাতিল কৰে ।