অসম

assam

ETV Bharat / state

CBSCৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল অসম সন্তান - অৰিন্দম শৰ্মা

সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান অৰ্জন কৰি পৰিয়ালৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নুনমাটিৰ অৰিন্দম শৰ্মাই

দেশৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্তৰ ফলাফলত উজলিল অসম সন্তান

By

Published : May 8, 2019, 10:19 PM IST

গুৱাহাটী,৮ মে':দেশৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(CBSC)ৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্তৰ ফলাফলত উজলিল অসম সন্তান অৰিন্দম শৰ্মা । সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান অৰ্জন কৰি পৰিয়ালৰ লগতে অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নুনমাটিৰ গোপাল নগৰৰ ছাত্ৰজনে।

দেশৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্তৰ ফলাফলত উজলিল অসম সন্তান

ডঃ অমিতাভ শৰ্মা আৰু কৃষ্ণা শৰ্মাৰ একমাত্ৰ পুত্ৰ অৰিন্দম শৰ্মাই ৫০০ নম্বৰৰ ভিতৰত ৪৯৮ নম্বৰ লাভ কৰি দ্বিতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। দিনে ৫ৰ পৰা ৬ ঘণ্টালৈকে পঢ়িছিল অৰিন্দম শৰ্মাই। সদায় অলপ অলপ কৈ পঢ়াৰ লগতে পৰীক্ষাৰ বাবে পুৰণি প্ৰশ্নকাকত সমাধা কৰিছিল বুলি জনাই ছাত্ৰজনে। পঢ়াৰ বাহিৰে ছবি আঁকি ভাল পোৱা অৰিন্দমে আজৰি সময়ত টিভি চোৱাৰ লগতে গেম খেলিছিল। সফলতাৰ আঁৰত মাক দেউতাক থকাৰ লগতে স্কুলৰ শিক্ষক শিক্ষয়ত্ৰীৰো চেষ্টাৰ ফল বুলি ক'লে অৰিন্দমে। গুৰুকুল গ্ৰামাৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অৰিন্দমক লৈ এতিয়া গোপাল নগৰবাসী উৎফুল্লিত। অৰিন্দমক লগত লৈ এনেদৰে সমদল উলিয়াই আনন্দ কৰে গোপাল নগৰবাসীয়ে।

ABOUT THE AUTHOR

...view details