অসম

assam

ETV Bharat / state

পুনৰ চিআইডিৰ অভিযান দুলাল বৰাৰ গুৱাহাটীস্থিত বাসগৃহত - দুলাল বৰাৰ বাসগৃহত চি আই ডি অভিযান

দুলাল বৰাৰ 118 নম্বৰ বাসগৃহত পুনৰ অভিযান চলায় চিআইডি, গড়কাপ্তানি বিভাগ আৰু বশিষ্ঠ আৰক্ষীয়ে ৷ পূৰ্বেও অভিযান চলাই জব্দ কৰা হৈছিল বহু স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ লগতে এখন ইন’ভা বাহন ৷

CBI raid at Dulal Borah house
দুলাল বৰাৰ বাসগৃহত পুনৰ চি আই ডি অভিযান

By

Published : Feb 4, 2020, 8:03 PM IST

গুৱাহাটী,4 ফেব্ৰুৱাৰীঃমঙলবাৰে আৰ টি আই কৰ্মী দুলাল বৰাৰ 118 নম্বৰ বাসগৃহত পুনৰ অভিযান চলায় চি আই ডি, গড়কাপ্তানি বিভাগ আৰু বশিষ্ঠ আৰক্ষীয়ে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ 7 ডিচেম্বৰত যান-বাহন পৰিদৰ্শক নাইমুদ্দিন আহমেদৰ এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল দুলাল বৰাক ৷ পৰৱৰ্তী সময়ত বহুটো চৰকাৰী বিষয়াক ধনদাবী কৰা বুলি চি আই ডিত গোচৰ ৰুজু কৰা হৈছিল বৰাৰ বিৰুদ্ধে ৷ ইয়াৰ পূৰ্বেও তেখেতৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰা হৈছিল বহু স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ লগতে এখন ইন’ভা বাহন ৷ আনহাতে, অট্টালিকা অনুমতিৰ কিছু আসোঁৱাহ থকাৰ বাবেই অভিযন্তাই জোখ মাখ চলাইছে বুলি জানিব দিয়ে ৷

দুলাল বৰাৰ বাসগৃহত পুনৰ চি আই ডি অভিযান

ABOUT THE AUTHOR

...view details