অসম

assam

ETV Bharat / state

SI Junmoni Rabha death: এছ আই জোনমণিৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ সাজু চি বি আই - CID probe into Junmoni Rabha case

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ সাজু হৈছে চি বি আই ৷ বুধবাৰে তদন্তৰ দায়িত্ব গ্ৰহণ কৰে অনুসন্ধানকাৰী সংস্থাটোৱে ৷ তদন্তৰ আওঁতালৈ কোন কোন আহিব ? কি সমিধান ওলাব তদন্তৰ শেষত ? অপেক্ষা সকলোৰে...

SI Junmoni Rabha death
probe into the death of SI Jonmoni Rabha

By

Published : Jun 14, 2023, 7:48 PM IST

গুৱাহাটী, ১৪ জুন: অৱশেষত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব ল'লে চি বি আয়ে । অসম চৰকাৰৰ আবেদন মৰ্মে ভাৰত চৰকাৰে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইক অৰ্পন কৰে । বুধবাৰে ভাৰত চৰকাৰে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰাৰ বাবে চি বি আইক আনুষ্ঠানিকভাৱে দায়িত্ব প্ৰদান কৰে ।

এছ আই জোনমণিৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইৰ

উল্লেখ্য যে, এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰটো ল’বলৈ অসম চৰকাৰে চি বি আইক আবেদন কৰিছিল । ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যোৱা ১২ জুনত দিল্লীলৈ গৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং । জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত চি বি আই মুখ্য কাৰ্যালয়লৈ গৈ আলোচনাত বহিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ।

অৱশেষত বুধবাৰে চি বি আয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব । জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ভাৰত চৰকাৰে চি বি আইক অৰ্পণ কৰাৰ কথা সামাজিক মাধ্যম যোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, নগাঁওৰ জখলাবন্ধাত ১৫ মে'ৰ নিশা পথ দুৰ্ঘটনাত সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল । জোনমণি ৰাভাৰ মৃত্যুৰ সমগ্ৰ ঘটনাটো ৰহস্যৰ মাজত সোমাই পৰিছিল । আচলতে জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল নে জোনমণি ৰাভাক হত্যা কৰা হৈছিল তাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছিল । সাঙোৰ খাই পৰিছিল বহু কেইজন আৰক্ষী বিষয়াৰ নাম ।

লগতে পঢ়ক:Death mystery of Junmoni Rabha: কি আছে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ

আনহাতে দুটাকৈ ফোনক'লৰ ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পিচতে অতি ৰহস্যৰ মাজত সোমাই পৰিছিল সমগ্ৰ ঘটনাটো । ইফালে জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে জোনমণি ৰাভাক হত্যা কৰা হৈছিল বুলি দাবী কৰিছিল । জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাটো প্ৰথমে চি আই ডিক তদন্ত কৰিবলৈ দিয়া হৈছিল যদিও পিছলৈ চি বি আইক অৰ্পণ কৰাৰ বাবে পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল-সংগঠনে দাবী কৰিছিল । ইয়াৰ পিচতে সমগ্ৰ ঘটনাৰ তদন্ত চি বি আই লৈ হস্তান্তৰ কৰাৰ কথা সদৰী কৰিছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

অৱশেষত বুধবাৰে গোচৰটো চি বি আয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে । উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত নাম সাঙোৰ খাই পৰা বহু কেইজন আৰক্ষী বিষয়াক ইতিমধ্যে বদলি কৰা হৈছে । আনহাতে বহু কেইজন বিষয়াক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে । এতিয়া চি বি আয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হ'ব নে নাই সেয়া সময়েহে ক'ব ।

ABOUT THE AUTHOR

...view details