অসম

assam

ETV Bharat / state

CBI Raids in Guwahati: ঘাইপথ প্ৰাধিকৰণৰ গাণনিক বিষয়াসহ তিনিজনক গ্ৰেপ্তাৰ

ঘাইপথ নিৰ্মাণৰ নামত হোৱা কেলেংকাৰীৰ সন্দৰ্ভত মহানগৰীত CBIৰ অভিযান ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গাণনিক বিষয়া দীপক দাস, মনোজ কুমাৰসহ তিনিজন বিষয়াক গ্ৰেপ্তাৰ । সোমবাৰে CBI আদালতত হাজিৰ কৰোৱা হয় অভিযুক্ত কেইজনক (CBI arrested NHAI officials in Guwahati)।

CBI Raids in Guwahati
ঘাইপথ প্ৰাধিকৰণৰ গাণনিক বিষয়াসহ তিনিজনক গ্ৰেপ্তাৰ

By

Published : Jun 13, 2022, 8:13 PM IST

গুৱাহাটী, ১৩ জুন: গুৱাহাটীত CBIৰ অভিযান (CBI Raids in Guwahati)। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ(National Highway Authorities of India) কামৰ ক্ষেত্ৰত হোৱা বিত্তীয় কেলেংকাৰীক লৈ চলিল এই অভিযান । মহানগৰীৰ জু-ৰোডত চি বি আইৰ দিল্লীৰ পৰা অহা দুটা দলে চলায় অভিযান ।

ঘাইপথ নিৰ্মাণৰ নামত হোৱা কেলেংকাৰীৰ তথ্য বিচাৰি গুৱাহাটীত CBI ৰ দলে অভিযান চলায় । কেলেংকাৰী সন্দৰ্ভত CBI য়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গাণনিক বিষয়া দীপক দাস, মনোজ কুমাৰসহ তিনিজন বিষয়াক গ্ৰেপ্তাৰ কৰে । সোমবাৰে CBI ৰ আদালতত হাজিৰ কৰোৱা হয় অভিযুক্ত কেইজনক (CBI arrested NHAI officials in Guwahati)।

ঘাইপথ প্ৰাধিকৰণৰ গাণনিক বিষয়াসহ তিনিজনক গ্ৰেপ্তাৰ

উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তত একেই সময়তে CBI ৰ দলে এই অভিযান চলায় ৷ শিলচৰ, শ্বিলং, গুৱাহাটী, গুৰুগ্ৰাম, বাংগালুৰুত CBI য়ে চলাইছিল অভিযান ৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত সংঘটিত এটা বৃহৎ কেলেংকাৰী সন্দৰ্ভত চলিছিল এই অভিযান ৷

অসম-মেঘালয় আৰু মিজুৰামৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত সংঘটিত হৈছিল কেলেংকাৰী ৷ ২০০৮ ৰ পৰা ২০১০ৰ ভিতৰত সংঘটিত হৈছিল এই কেলেংকাৰী ৷ ঠিকা লাভ কৰা প্ৰতিষ্ঠানৰ পৰা মাহিলী ধন সংগ্ৰহৰ অভিযোগ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াৰ বিৰুদ্ধে ৷ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে মাহিলী 1 লাখকৈ সংগ্ৰহ কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI)ৰ বিষয়াই ৷

প্ৰাথমিক তদন্তত এই কেলংকাৰীত নাম সাঙোৰ খাইছে NHAI আৰু এটা প্ৰতিষ্ঠানৰ নাম ৷ ঠিকা লাভ কৰা প্ৰতিষ্ঠানটোৰ নাম হৈছে G.R ইনফ্ৰা প্ৰকল্প (G R Infra projects) ৷

লগতে পঢ়ক:মনজিৎ মহন্তক 15 দিনৰ সময়সীমা বিশেষাধিকাৰ সমিতিৰ

ABOUT THE AUTHOR

...view details