অসম

assam

ETV Bharat / state

ক'ভিড পৰিস্থিতিৰ সুযোগ লৈ ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰ‍াহ - চোৰাং গৰু সৰৱৰাহ

হিন্দুসকলে মাতৃ জ্ঞান কৰা গৰুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আইনৰ পোষকতা কৰিছে মুখ্যমন্ত্রীয়ে। চৰকাৰখনৰ এনে পদক্ষেপৰ বিপৰীতে ৰাজ্যত বিনা দ্বিধাই চলিছে পশুধনৰ চোৰাং বেহা ।

cattle smuggling
ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰ‍াহ

By

Published : May 25, 2021, 7:48 PM IST

গুৱাহাটী, ২৫ মে':নতুন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হৈছে । খোদ মুখ্যমন্ত্রীয়েই সাংবাদিকক উদ্দ্যেশি কৈছিল যে ক'ৰবাত কিবা ছিণ্ডিকেট দেখা পালে লগে লগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক অৱগত কৰিবলৈ । কিন্তু নতুন চৰকাৰখনৰ এনে তৎপৰতাৰ মাজতে ৰাজ্যখনত অব্যাহত আছে ছিণ্ডিকেট । বিশেষকৈ গৰুৰ বিয়াগোম ছিণ্ডিকেট পুনৰ ব্যাপক হাৰত আৰম্ভ হৈছে । প্ৰাপ্ত অভিযোগ অনুসৰি গৰুৰ এই বিয়োগোম ছিণ্ডিকেটৰ আঁৰত আৰক্ষীৰ লগতে ৰাজনৈতিক পৃষ্ঠপোষকতা আছে ।

উল্লেখ্য যে, বিধানসভাৰ প্ৰথমখন অধিৱেশনতে মুখ্যমন্ত্রীয়ে হিন্দুসকলে মাতৃ জ্ঞান কৰা গৰুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আইনৰ পোষকতা কৰিছে । চৰকাৰখনৰ এনে পদক্ষেপৰ বিপৰীতে ৰাজ্যত বিনা দ্বিধাই চলিছে পশুধনৰ চোৰাং বেহা । বিশেষকৈ নামনি অসমৰ বৰপেটা, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা গুৱাহাটীৰ মাজেৰে ছিণ্ডিকেট চক্ৰটোৱে মেঘালয় হৈ বাংলাদেশলৈ প্ৰতিদিনে শ শ গো-ধন সৰবৰাহ কৰি আহিছে ।

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰ‍াহ

লক্ষণীয় বিষয় যে গুৱাহাটী মহানগৰীৰ ক'ভিড পৰিস্থিতিৰ সুযোগ লৈ ৰেড্ডী আৰু মুন্নাৰ পাছত এইবাৰ ছিণ্ডিকেট চক্ৰটোৰ মূলতে আছে জাভেদ আৰু মোস্তাক নামৰ দুই চোৰাং ব্যৱসায়ী । সম্পৰ্কত দুয়ো শহুৰ-জোঁৱাই । অভিযোগ অনুসৰি ক'ভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে গৰুৰ চোৰাং ব্যৱসায় চলাই নিয়াত শহুৰ-জোঁৱাইক গোপনে সহায় আগবঢ়াই আহিছে অসম আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়াই ।

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰ‍াহ

নিৰ্বাচনৰ পূৰ্বৰ পৰাই গুৱাহাটীৰ মাজেৰে গৰু সৰবৰাহৰ ক্ষেত্রত ছিণ্ডিকেট চক্ৰটোক সহায় আগবঢ়াই অহাৰ বাবে বিষয়াজনক জ‍ভেদ-মোস্তাক বাহিনীয়ে উপহাৰ দিছিল এখন বিলাসী বাহন । প্ৰাপ্ত খবৰ মতে গুৱাহাটীৰ উলুবাৰীত বাহৰ পাতি জাভেদ আৰু মোস্তাক বাহিনীয়ে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা বৃহৎ বৃহৎ কনটেইনাৰত গৰু ভৰাই শ্ৰীৰামপুৰ হৈ মহানগৰীত প্ৰৱেশ কৰাৰ পাছত ন'মাইল হৈ মেঘালয়লৈ নি পৰবৰ্তী সময়ত মেঘালয়ৰ পৰা বাংলাদেশলৈ চালান দিয়ে ।

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰ‍াহ

প্ৰতিদিনে প্ৰায় চাৰি কনটেইনাৰ ভৰ্তি গৰু গুৱাহাটীৰ মাজেৰে মেঘালয় হৈ বাংলাদেশলৈ চালান হৈ আছে । নিশাৰ ভিতৰত গুৱাহাটীৰ মাজেৰে পাৰ হৈ যোৱা এই কনটেইনাৰসমূহ পৰীক্ষা কৰা নহয় । কাৰণ সকলোকে মেনেজ কৰি থোৱা আছে ।

লক্ষণীয় বিষয় যে চোৰাং ব্যৱসায়ৰে সম্পত্তিৰ বিশাল সাম্ৰাজ্য গঢ়া ছিণ্ডিকেট চক্ৰটোৰ মূল নায়ক মোস্তাক ৰাজস্থানৰ পৰা আহি এটা সময়ত গুৱাহাটীত ছাগলীৰ ব্যৱসায় কৰিছিল। পৰবৰ্তী সময়ত গৰুৰ চোৰাং ব্যৱসায়ত নামি কোটিপতিত পৰিণত হোৱা মোস্তাকক সকলো ধৰণৰ সহায় আগবঢ়াই আহিছে আৰক্ষীৰ একাংশ শীৰ্ষ বিষয়াৰ লগতে কেইবাজনো ৰাজনৈতিক নেতাই ।

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং সৰবৰ‍াহ

কংগ্ৰেছৰ দিনত ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰা মোস্তাকৰ জোঁৱায়েক জাভেদেও শেহতীয়াকৈ গৰুৰ চোৰাং ব্যৱসায়ত জড়িত হৈ পৰিছে আৰু আৰক্ষীৰ সহযোগত ছিণ্ডিকেটৰ সাম্ৰাজ্য বিস্তাৰিত কৰিবলৈ সক্ষম হৈছে । নিৰ্বাচনৰ সময়ৰ পৰাই জাভেদৰ নেতৃত্বত বিহাৰ,পঞ্জাৱ,ঝাৰখণ্ড,উত্তৰ প্ৰদেশ আদিৰ পৰা বৃহৎ কনটেইনাৰ যোগে গুৱাহাটী-মেঘালয় হৈ অহৰহ গো-ধনৰ সৰবৰাহ হৈ আছে ।

উল্লেখ্য যে ধুবুৰী, বঙাইগাঁও, ৰঙিয়া, বাইহাটা চাৰিআলি, বৰপেটা,জালুকবাৰী, গুৱাহাটীৰ খানাপাৰাত নিযোজিত এজেণ্টৰ যোগেদি গৰুসমূহ ন'মাইলৰ গৰু বজাৰলৈ নিয়াৰ ব্যৱস্থা কৰা হয় । ইয়াৰ পাছত মেঘালয়ৰ গাৰো পাহাৰৰ একাংশ এজেণ্টৰ জৰিয়তে গৰুসমূহ বাংলাদেশলৈ চালান দিয়া হয় । এজেণ্টসকলে ইয়াৰ বাবদ লাভ কৰে প্ৰায় কুৰি হাজাৰ টকা । আনহাতে বহিঃৰাজ্যৰ ২০-২৫ হাজাৰ টকা মূল্যৰ একোটা গৰু অসম-মেঘালয় হৈ বাংলাদেশত প্ৰৱেশ কৰাৰ লগে লগে মূল্য হয় প্ৰায় ৮০ হাজাৰ টকাৰ পৰা এক লাখ টকা পৰ্যন্ত হয় ।

ইফালে অসমৰ পৰা গৰুভৰ্তি কনটেইনাৰসমূহ গুৱাহাটীৰ পৰা মেঘালয়ৰ গাৰো পাহাৰলৈ নিয়াৰ ক্ষেত্রত সহযোগ আগবঢ়াই আহিছে ৰাজ্যখনৰ একাংশ ৰাজনৈতিক নেতাৰ লগতে আৰক্ষীৰ লোকে ।

উল্লেখ যে গুৱাহাটীত প্ৰৱেশৰ পাছত গৰুভৰ্তি কনটেইনাৰসমূহ জাভেদ বাহিনীয়ে গতাই দিয়ে দিলদাৰ নামৰ এজন এজেণ্টক । গুৱাহাটীৰ সোণাপুৰৰ পৰাই গৰুৰ ছিণ্ডিকেট চক্ৰ নিয়ন্ত্রণ কৰা দিলদাৰে মেঘালয় আৰু বাংলাদেশত এই চোৰাং ব্যৱসায়ৰ সকলো দিশ চোৱা-চিতা কৰে । গৰুৰ এই ছিণ্ডিকেট চক্ৰটোৱে আৰক্ষীৰ লগতে ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰি বৃহৎ নেটৱৰ্কৰ জৰিয়তে অবাধে চলাই গৈছে গৰুৰ চোৰাং ব্যৱসায় । গঢ়ি তুলিছে বিশাল সাম্ৰাজ্য ।

উল্লেখ যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে ছিণ্ডিকেটৰ বিৰুদ্ধে আৰু গো-ধনৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ বাস্তৱত কিমানদূৰ ফলপ্ৰসূ হ'ব সেয়া লক্ষণীয় বিষয় হ'ব।

লগতে পঢ়ক:অসম-বংগত সীমান্তত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details