গুৱাহাটী, 5 অক্টোবৰ:কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো গুৱাহাটী মহানগৰীত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle smuggling in Guwahati)। প্ৰায়ে গুৱাহাটীত গ্ৰেপ্তাৰ হয় চোৰাং সৰবৰাহকাৰী । বুধবাৰেও আৰক্ষীয়ে চোৰাং গৰু জব্ধ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী । পূব গুৱাহাটী আৰক্ষী সংমণ্ডলৰ (East Guwahati Police Division) এটা দলে বুধবাৰে যোৰাবাট অঞ্চলৰ পৰা অবৈধভাৱে গৰু-ম’হ সৰবৰাহ কৰাৰ অপৰাধত দুজন লোকক গ্ৰেপ্তাৰ কৰে ।
আৰক্ষীয়ে সদৰী কৰা মতে বশিষ্ঠ থানাৰ যোৰাবাট আৰক্ষী (Cattle Smuggler arrested at Jorabat in Guwahati) চকীৰ ই জি পি ডিৰ দলে যোৰাবাটত AS-01-EC-6384 নম্বৰৰ এখন টাটা ৪০৭ ট্ৰাক জব্দ কৰে । মৰিগাঁৱৰ পৰা বৰ্ণিহাটলৈ ১৪ টা গৰু সৰবৰাহ কৰিবলৈ গৈ থকাৰ সময়তে ট্ৰাকখন আৰক্ষীৰ হাতত ধৰা পৰে ।